সভা-সমিতি

নলবাৰীৰ তিনি শাখা সাহিত্য সভাৰ পহিলা ব’হাগত নিজৰ দিন পালন

প্ৰথম খবৰ, নলবাৰী: নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত লখিমী শাখা সাহিত্য সভা, সেউজী সাহিত্য কানন, দক্ষিণ নলবাৰী সাহিত্য সভাই কেইবাজনো বিশিষ্ট লোকক বিহুৱান প্ৰদান কৰি আশীৰ্বাদ লৈ কালি পহিলা ব’হাগৰ দিনটোত নিজৰ দিন পালন কৰে।

লখিমী শাখা সাহিত্য সভাৰ উদ্যোগত নলবাৰী চহৰৰ সমাজ জীৱনৰ লগত জড়িত ক্ৰমে ধৰ্মপ্ৰাণ মহিলা স্বৰ্ণলতা দেৱী, তিলোত্তমা ভাগৱতী, সৰলা মেধি, আৰু সমাজকৰ্মী হৰেন্দ্ৰ বৰ্মনক অসম সাহিত্য সভাৰ ওলগনি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মা, সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ সদস্য গোবিন্দ কলিতা, লখিমী শাখা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক ৰণদিপ বৈশ্য আৰু দীপা ভট্টাচাৰ্যৰ নেতৃত্বত এই কাৰ্যসূচী ৰূপায়ন কৰে। ইফালে দক্ষিণ নলবাৰী সাহিত্য সভাৰ সভাপতি উপেন্দ্ৰ চন্দ্ৰ তালুকদাৰ, সম্পাদক শংকৰ শৰ্মা, সদস্য কামিনী কান্ত মিশ্ৰ,কমল কলিতা, দিলিপ কুমাৰ শৰ্মাৰ নেতৃত্বত এলেকাধীন বাহঁজানীৰ জানীগোগৰ অৱসৰী শিক্ষক প্ৰমোদ চন্দ্ৰ আৰ্য্য বৈশ্য আৰু বুদ্ৰুকুছিৰ সমাজকৰ্মী, অৱসৰী শিক্ষক কৃষ্ণ কান্ত শৰ্মাৰ ঘৰত গৈ ফুলাম গামোচা, ৰঙালী বিহুৰ ওলগনি পত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে নিজৰ দিন পালন কৰে।

আনহাতে যজ্ঞভূমিৰ সেউজী সাহিত্য কাননৰ উদ্যোগত তথা সভাপতি চক্ৰধৰ কলিতা আৰু সম্পাদক হৰমোহন বৰ্মনৰ নেতৃত্বত অঞ্চলটোৰ বৰ আজাৰা নিবাসী অৱসৰী শিক্ষক কামিনী কান্ত শৰ্মাৰ লগত আন দুগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰি নিজৰ দিন উদযাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close