শেহতীয়া
Home / সভা-সমিতি / নলবাৰীৰ নদলাৰ কেঁচাইখাইতি থানত “চৌ” পূজা মহোৎসৱৰ আয়োজন

নলবাৰীৰ নদলাৰ কেঁচাইখাইতি থানত “চৌ” পূজা মহোৎসৱৰ আয়োজন

প্ৰথম খবৰ, নলবাৰী: নলবাৰীৰ ঐতিহ্যমণ্ডিত নদলাৰ প্ৰায় তিনিশ বছৰ প্ৰাচীন, আহোম ৰজাদিনীয়া কেঁচাইখাইতি থানৰ পৰম্পৰাগত ৰীতি-নীতিৰে সম্পন্ন হৈ অহা “চৌ” পূজা মহোৎসৱখনি এই বেলি অহা ৪ মে’ ত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্ততি চলোৱা হৈছে।

এই উপলক্ষে ইতিমধ্যে প্ৰণৱ বৰ্মনক সভাপতি, বিপিন কাকতিক সম্পাদক, ঘনশ্যাম বৰ্মন, অৰূপ বৰ্মনক সহঃ সম্পাদক, মুনিন্দ্ৰ কাকতিক সাংস্কৃতিক সম্পাদক হিচাপে লৈ এখন সমিতি গঠন কৰা হৈছে।

কাৰ্যসূচী অনুসৰি ৪ মে’ শুক্ৰবাৰে ৰাতিপুৱা ৬.৩০ বজাত “চৌ” নিৰ্মাণৰ কাম আৰম্ভ, ৭.০০বজাত পতাকা উত্তোলন, ৮.০০ বজাত বন্তি প্ৰজ্বলন কৰিব মন্দিৰৰ স্থায়ী দেউৰী কুসুম বৰ্মনে, ৯.০০বজাত বৃক্ষৰোপণ, শ্বহিদ তৰ্পন, ঢুলীয়া প্ৰদৰ্শন, “চৌ” স্থাপন ও পূজা আৰম্ভ, পুষ্পাঞ্জলি প্ৰদানত উপস্থিত থাকিব পৰিবহন, উদ্যোগ-বাণিজ্য আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক অশোক শৰ্মা, ভাৰতীয় জনতা পাৰ্টি নলবাৰী জিলাৰ সমিতিৰ সভাপতি বনদ্বীপ ডেকা, আবেলি ২.০০ বজাত ক্ৰমে দেৱীৰ ওচৰত বলি উৎসাৰ্গা, প্ৰসাদ তথা ৰাজহুৱা ভোগ বিতৰণ, স্মৃতিগ্ৰন্থ উন্মোচন, ওজাপালি প্ৰদৰ্শন, ‘চৌ’ বিসৰ্জন, নাগাৰা নাম প্ৰদৰ্শন, সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰিছে।

উক্ত “চৌ” পূজা মহোৎসৱত সমূহ ৰাইজৰ উপস্থিতি শ্ৰদ্ধাৰে কামনা কৰিছে পৰিচালনা সমিতিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*