অসম

নলবাৰীৰ পদ্মমল্ল চৌধুৰী সমন্বয় ক্ষেত্ৰতত বাঁহ গোসাঁই উৎসৱৰ মূখ্য দ্বাৰ উন্মোচন বিধায়ক অশোক শৰ্মাৰ

 

প্ৰথম খবৰ ,নলবাৰী, ১৯ এপ্ৰিল:  নলবাৰীত সদৌ অসম শৰণীয়া কছাৰী ছাত্ৰ সন্থা আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদ, অসমৰ উদ্যোগত আজিৰে পৰা বাহঁ -গোসাঁই উৎসৱ আৰম্ভ হৈছে । পুৱাৰ ভাগত পদ্মমল্ল সমন্বয় ক্ষেত্ৰত আনুষ্ঠানিক ভাৱে মূখ্য দ্বাৰা উন্মোচন কৰে নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাই । উন্মোচন কৰি ভাষনত বিধায়ক অশোক শৰ্মাই কয় যে , সকলো সম্প্ৰদায়, ভাষা -ভাষি, জনগোষ্ঠীৰ মিলন ভূমি অসম তথা অসমীয়া জাতি । আমি সকলোৱে ঐক্যবদ্ধ ভাৱে সমাজৰ হকে -দহৰ হকে কাম কৰি যাব লাগিব । শৰণীয়া কছাৰী সকলক উন্নয়ন -বিকাশৰ বাবে কেন্দ্ৰীয়, ৰাজ্য চৰকাৰে বিভিন্ন মাধ্যমেৰে আগবঢ়াই নিবলৈ চেষ্টা অব্যাহত ৰাখিছে বুলি দোহাৰি শৰণীয়া কছাৰী ছাত্ৰ সন্থাৰ আৰু শৰণীয়া কছাৰী উন্নয়ন পৰিষদৰ উদ্যোগত আয়োজিত বাহঁ গোসাঁই উৎসৱৰ সফল সামৰণি কামনা কৰে বিধায়ক গৰাকীয়ে । অনুষ্ঠানত বিজেপিৰ জিলা কিষান মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকা সহ আয়োজক সমিতিৰ বিষয়ববীয়া তথা অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close