
প্ৰথম খবৰ, নলবাৰী: জেপ আলোচনী ‘গজালি’ আকৃতিত সৰু হ’লেও সাহিত্য জগতত আগবঢ়া। নতুন চামৰ মাজত গজালি’ৰ প্ৰভাৱ পৰিছে। এতিয়া গজালি সকলোৰে মাজত জনপ্ৰিয়তা লাভ কৰিছে। যোৱা কালি দেওবাৰে নলবাৰী প্ৰেছ ক্লাৱত নিশালৈ অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গজালিৰ বিশেষ বসন্ত সংখ্যা উন্মোচন কৰি এইদৰে কয় বিশিষ্ট কবি কমল কুমাৰ জৈনে।
নলবাৰীৰ বগলচ ৰোড চকৰ পৰা প্ৰকাশিত গজালি উন্মোচনী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন কবি সন্মিলনো অনুষ্ঠিত হয়। তদুপলক্ষে ওৱাহিদুজ জামানৰ সঞ্চালনাত অনুষ্ঠিত হোৱা কবি সন্মিলনখন উদ্বোধন কৰে বিশিষ্ট কবি বিপুল কুমাৰ দত্তই। উদ্বোধক দত্তই ভাষণ প্ৰসংগত কয় বিভিন্ন সময়ত বিভিন্ন অঞ্চলৰ পৰা একোখন আলোচনী প্ৰকাশ হয়। কিন্তু এটা বা দুটা সংখ্যা ওলোৱাৰ পিছত বন্ধ হয়। গজালি ইয়াৰ ব্যতিক্ৰম বুলি দোহাৰে। গজালিৰ সম্পাদক শংকৰ শৰ্মাই আতঁ ধৰা অনুষ্ঠানত কবিতা পাঠ কৰে কবি কমল কুমাৰ জৈন, বিপুল কুমাৰ দত্ত, ডাঃ ৰাতুল দাস, হিতেশ ডেকা, ডাঃ প্ৰণৱ চক্ৰৱৰ্তী, কমল কলিতা, নিতুল কুমাৰ দত্ত, মানসজৌতি শৰ্মা, হীৰেন্দ্ৰ কুমাৰ শৰ্মা, জেছমিন বেগম, দীপালিমা দত্ত, দীপেন মেনা, জয়চন্দ্ৰ শৰ্মা, কমল চন্দ্ৰ দাস,প্ৰণৱ খাৰজাৰা, মামনি ডেকা, নৰেন শৰ্মা আদিয়ে।
অনুষ্ঠানত শিশু শিল্পী মহাশ্বেতা কাশ্যপে গীত পৰিবেশন কৰি মুগ্ধ কৰে সকলোকে।