অসমনলবাৰী

নলবাৰী মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীৰ বিদায়ী সভা

প্ৰথম খবৰ, নলবাৰী: নলবাৰী মহাবিদ্যালয়ৰ ষষ্ঠ সন্মাষিকৰ ছাত্ৰ-ছাত্ৰী সকলক শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিদায় জনোৱা হয়। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড৹ দীপক গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপাধ্যক্ষ মঞ্জুলা দত্ত ৰায় বৰুৱা, ড৹ দীনমনি ভাগৱতী, ড৹ প্ৰদ্যুন্ম শৰ্মা আৰু ড৹ মনি শৰ্মা শাস্ত্ৰীয়ে ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশি ভাষণ দিয়ে। অনুষ্ঠানৰ আঁত ধৰে ছাত্ৰ একতা সভাৰ সাধৰণ সম্পাদক মানসজ্যেতি তালুকদাৰে।

মহাবিদ্যালয়খনৰ প্ৰভাত চন্দ্ৰ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত এই সভাখনে ছাত্র-ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলৰ মাজত এক আবেগিক পৰিবেশ সৃষ্টি হয়।

Related Articles

Leave a Reply

Close