শেহতীয়া
Home / অসম / নাগৰিকত্ব আইন-২০১৬ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মংগলদৈত দৰং জিলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট

নাগৰিকত্ব আইন-২০১৬ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত মংগলদৈত দৰং জিলা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ গণ অৱস্থান ধৰ্মঘট

প্ৰথম খবৰ ,মংগলদৈ দেওমৰনৈ :
আজি মংগলদৈত দৰং জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ
পৰিষদে নাগৰিকত্ব আইন ২০১৬ সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবীত গণ অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী পালন কৰে ।

দৰং জিলা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভাৰপাপ্ত সভাপতি নৱজিৎ শৰ্মা আৰু সাধাৰন সম্পাদক দিগন্ত ডেকাৰ নেতৃত্বত শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে । লগতে ধৰ্মঘট কাৰ্য্যসূচীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ উপদেষ্টা হিমাদ্ৰী শৰ্মা আৰু ভৱেশ কাকতিয়ে অংশগ্ৰহণ কৰি চৰকাৰৰ ওচৰত দাবী জনাই নাগৰিকত্ব সংশোধনী আইন বাতিল কৰাৰ । আৰু দৰং জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*