অসমনলবাৰীশীৰ্ষ

নাগৰিকত্ব সংশোধনী আইন গৃহীত হ’লে বিজেপিৰে মিত্ৰতা ভংগ হ’ব অগপৰ

প্ৰথম খবৰ, নলবাৰী: নাগৰিকত্ব আইন ২০১৬ সংশোধনী বিধেয়ক আইনখন গৃহীত হ’লে অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি সকীয়ালে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।

কেন্দ্ৰত যিহেতু ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে সেয়ে অসমৰ ৰাইজৰ আবেগ অনুভূতি তথা প্ৰতিবাদৰ প্ৰতি গুৰুত্ব নিদি বলপূৰ্বক নাগৰিকত্ব আইন সংশোধনী বিধেয়কখন সংসদত গৃহীত কৰিব পাৰে বুলিও তেওঁ সংশয় প্ৰকাশ কৰে। এনে কৰিলে ইয়াৰ পৰিণাম ভয়াবহ হ’ব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে এই বিধেয়কখন গৃহীত হ’লেই অসমত বিজেপিৰে অগপৰ মিত্ৰতা ভংগ হ’ব বুলি উল্লেখ কৰে আঞ্চলিক দলটোৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীয়ে।

মহন্তই নাগৰিকত্ব আইন সংশোধনী বিধেয়ক সন্দৰ্ভত তেৱেই প্ৰথমে প্ৰতিক্ৰিয়া ৰাজহুৱা কৰিছিল বুলিও কয় সংবাদ মাধ্যমৰ আগত। বুধবাৰে নলবাৰীৰ এজন অগপ নেতাৰ ঘৰলৈ অহা প্ৰফুল্ল কুমাৰ মহন্তই অসম মন্ত্ৰীসভা সম্প্ৰসাৰণ সন্দৰ্ভত কয় যে এয়া মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ ব্যক্তিগত বিষয়। এই ক্ষেত্ৰত অগপৰ নেতৃত্বই দলৰ সিদ্ধান্ত ল’ব বুলি তেওঁ দোহাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close