শেহতীয়া
Home / সাহিত্য / নিবন্ধ / নাপু নাছো, এফ আৰ পি ইত্যাদি

নাপু নাছো, এফ আৰ পি ইত্যাদি

(বেতাল একবিংশতি)

নীলিম আকাশ কাশ্যপ :

(১)

প্ৰথমটো ঘটনা ডঃ হীৰেন গোহাঁইকেন্দ্ৰিক।

২০১৮ চনৰ পহিলা এপ্ৰিলৰ কথা। ১ এপ্ৰিল হেতুকে ভিন্নজনে ছ’চিয়েল মিডিয়াত বিভিন্ন ধেমেলীয়া বাৰ্তা লিখি লোকক মুৰ্খ সজা পুৱাৰেপৰা দেখিছিলো। এনেদৰে এপ্ৰিল ফুল বুলি আনন্দ কৰাটো আজিৰ প্ৰেক্ষাপটত চাগে কোনো ধৰণৰ আচৰিত কথা নহয়, যিহেতু এয়া ছ’চিয়েল মিডিয়াৰ প্ৰভূত জনপ্ৰিয়তাৰ সময়। কিন্তু দুপৰীয়া হঠাতে চকুত পৰিছিল ভাইৰেল হোৱা এটা ফেচবুক বাৰ্তা। প্ৰায় শতাধিক লোকে আক্ষেপেৰে স্ক্ৰীণশ্বট সহকাৰে আগবঢ়োৱা বাৰ্তাটোৰ মতে এগৰাকী ফেচবুক উপভোক্তাই নিজৰ ষ্টেটাছত বাৰ্তা লিখিছিল যে উচ্চ ৰক্তচাপজনিত কাৰণত পৰলোক ঘটিছে বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোহাঁইদেৱৰ। সেয়া হয়তো তেওঁৰ এপ্ৰিল ফুল আছিল। কিন্তু এপ্ৰিল ফুলৰ অচিলাৰে সেয়া নাছিলনে এক গুৰুতৰ অপৰাধ?

সেই বাৰ্তাটো বিভিন্নজনৰ জড়িয়তে জনাৰ পৰতে মনত পৰিছিল যে একেটা বৰ্ষৰে ৯ মাৰ্চত মাজনিশা কেবাগৰাকী লোকে ফেচবুকত “বিশিষ্ট কণ্ঠশিল্পী দীপালী বৰঠাকুৰ আৰু নাই” জাতীয় বাৰ্তা প্ৰেৰণ কৰিছিল। মই আচৰিত! তেওঁক লৈ অদ্যাপি প্ৰকাশিত একমাত্ৰ উপন্যাস “সোণৰ খাৰু কলিজাৰ ছাঁ” লিখাৰ পূৰ্বৰেপৰা আজিকোপতি তেওঁৰ খুব সঘনাই খবৰ লৈ আহিছোঁ। ৯ মাৰ্চৰ আবেলিও লৈছিলো। কিন্তু সিদিনাই ৰাতি ফেচবুকে কঢ়িয়াই অনা খবৰটোত আচৰিত হৈছিলো। অৱশেষত ৰাতি এক বজাত গুৱাহাটীৰ এজন সাংবাদিকক ফোন কৰিহে স্বস্তিৰ নিশ্বাস পেলাইছিলো। তেওঁৰ পৰাই গম পাইছিলো যে দীপালী বাইদেউ কুশলে আছে; ফেচবুকত বাগৰি ফুৰা খবৰটো মিছা।

(২)

আমাৰ এচাম ফেচবুকীয়ানৰ মানসিকতা কিমান তৰল হ’ব পাৰে, ওপৰত উল্লেখ কৰা বাস্তৱ উদাহৰণ দুটাই ইয়াৰ উত্তৰ প্ৰতিফলিত নকৰেনে? ইমানদিনে এনে লাগি আহিছিল যে ফেচবুকত বহুতো সৰ্বজান্তা লোক আছে। তেওঁলোক সকলো বিষয়তে বুৎপত্তিসম্পন্ন! সামাজিক মাধ্যমটোত কাৰোবাৰ বিৰুদ্ধে অভিযোগ উঠিলে একো উমঘাম নোপোৱাকৈয়ে অভিযুক্তক শব্দাক্ৰমণ কৰা লোক যে উভৈনদী (অভিযোগকাৰী নাৰী হ’লে অভিযুক্তক হেঁচি ধৰোঁতাৰ অভাৱ আৰু কমে!), সেই কথা ইমানদিনে দেখি আহিছোঁ। এচামে খুব ছিৰিয়াছলী ব্যৱহাৰ কৰাৰ বিপৰীতে একাংশই ভাত-পানী খোৱাৰপৰা সকলো ফেচবুকত জনোৱাও দেখিছোঁ। কিন্তু আমি ইমান নিকৃষ্ট মানসিকতাৰ হ’ব পৰা বুলি সপোনতো ভবা নাছিলোঁ কোনোদিনে। আমি ডঃ গোহাঁই, দীপালী বৰঠাকুৰৰ নিচিনা বৰেণ্য লোকক জীৱিত অৱস্থাতে মাৰি পেলোৱাৰ দৰে কাম যে কৰিব পৰাও হৈছোঁ, সেয়া ব্যক্তিগতভাৱে মোৰ বাবে আছিল স্বপ্নৰ অগোচৰ।

(৩)

মোৰ জীৱনত এনে লোকৰ বহু সান্নিধ্য পাইছোঁ, যিসকল একপ্ৰকাৰ বেতালৰ নিচিনা। ৰুবুল দাও এনে এজন লোক। উপৰিউক্ত ঘটনাদুটিয়ে যেন ভাৰাক্ৰান্ত কৰি ৰখাৰ পৰতে ৰুবুল দাৰ ফোন আহিছিল মোলৈ। তেওৰেও আলচ হৈছিল প্ৰসংগটো। তাৰ পাছতে ৰুবুল দাই মোক দুটা প্ৰশ্ন সুধিছিল।

প্ৰথম প্ৰশ্ন- হীৰেন গোহাঁইদেৱৰ দৰে লোকক লৈ এনে লজ্জাজনক কৰাসকল কোন?

দ্বিতীয় প্ৰশ্ন- দীপালী বাইদেউৰ মৃত্যুৰ উৰাবাতৰিৰ আঁৰৰ কাৰণ কি?

ক্ষন্তেক ভাবি মই উত্তৰ দিবলৈ লৈছিলো ৰুবুলদাক। পোনতে দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ দি কৈছিলো যে এয়া এফ আৰ পি অৰ্থাৎ ফেচবুক ৰেটিং পইণ্ট বঢ়োৱাৰ আয়াসত কৰা নিকৃষ্ট কাণ্ড। এই কাম সাধাৰণতে সেইসকলে কৰে, যিয়ে সামান্য ছপা ভুলতে বাতৰি কাকতক বা টি আৰ পি বিষয়ক লৈ বৈদ্যুতিন সংবাদ মাধ্যমক প্ৰায়ে সমালোচনা কৰে। “প্ৰথমটোৰ উত্তৰ?” ৰুবুলদাৰ পুনঃপ্ৰশ্নত কৈছিলো যে তেওঁলোক নাপু-নাছো অৰ্থাৎ না পুৰুষ, না ছোৱালী; তেওঁলোক মানুহ।

ৰুবুলদাই মিচিকিয়াই হাঁহিছিল। “হয়” বুলি কৈ তেওঁ ফোনটো কাটি দিছিল- যেন তেওঁ ক্ষণিকৰ বাবে আঁতৰি গৈছিল বিক্ৰমাদিত্যৰ কান্ধৰপৰা বেতাল উৰি যোৱাৰ নিচিনাকৈয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*