অসম

নামতিত প্ৰাক্তন ছাত্ৰৰ আমৰণ অনশন

নামতিপৰা ৰূপম বৰবৰা, প্ৰথম খবৰ: শিৱসাগৰ জিলাৰ নামতিৰ শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ত ১ কোটি ২৯ লাখ টকাৰ বিত্তীয় অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি আমৰণ অনশনত বহে মহাবিদ্যালয় খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷ অধ্যক্ষৰ বিৰুদ্ধে ইতিমধ্যে মহাবিদ্যালয় ছাত্ৰ-ছাত্ৰী, দল-সংগঠনে বিত্তিয় অনিয়মৰ তদন্তৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷

মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ এচ এচ জামানৰ বিদায় লোৱাৰ দিনটোতে আছুৰ উদ্যোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল ছাত্ৰ-ছাত্ৰীয়ে৷ ব্যাপক বিত্তীয় অনিয়মৰ অভিযোগৰ তদন্তৰ দাবীত বৃহস্পতিবাৰে পুৱাৰে পৰা আমৰণ অনশনত বহে মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ প্ৰভাকৰ ফুকনে৷

Related Articles

Leave a Reply

Close