শীৰ্ষৰাষ্ট্ৰীয়

ন্যায়িক ইতিহাসৰ সৰ্ববৃহত সাল-সলনি, ৮৭ গৰাকী ন্যায়াধীশক বদলি

 

নেশ্বনেল ডেস্ক, প্ৰথম খবৰ: একেদিনাই হঠাতে বদলি কৰা হ’ল ৰাজস্থানৰ ৮৭ গৰাকীকৈ ন্যায়াধীশক। দেশৰ ন্যায়িক ইতিহাসত এক বৃহৎ বদলি হিচাপে স্বীকৃত হৈছে ৰাজস্থানৰ ন্যায়াধীশ বদলি।

উল্লেখযোগ্য যে, ছলমান খানৰ জামিনৰ শুনানি গ্ৰহণ কৰা ন্যায়াধীশজনকো বদলি কৰা হৈছে আৰু যোধপুৰ আদালতত নতুন ন্যায়াধীশ নিযুক্তি দিয়া হৈছে। অৱশ্যে ইয়াৰ ফলত কোনো প্ৰভাৱ নপৰে ছলমান খানৰ জামিনৰ ৰায়ত।

Related Articles

Leave a Reply

Close