শেহতীয়া
Home / অসম / পাচনৈ চেৰফাং ব্লক বিপিএফ ৰ উদ্দ্যোগত ওৰাঙত বয়োজ্যেষ্ঠলৈ বিহুৱান

পাচনৈ চেৰফাং ব্লক বিপিএফ ৰ উদ্দ্যোগত ওৰাঙত বয়োজ্যেষ্ঠলৈ বিহুৱান

ওৰাঙৰপৰা গোপাল নাথ, প্ৰথম খবৰঃ ওদালগুৰি জিলাৰ ওৰাঙৰ লক্ষীমন্দিৰ প্ৰাঙ্গনত পাচনৈ চেৰফাং ব্লক বিপিএফৰ উদ্যোগত সোমবাৰে ওৰাঙৰ বয়োজ্যেষ্ঠ ব্যক্তি সকলক বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয়।

পাচনৈ চেৰফাং সমষ্টিৰ ই এম শ্যাম চুণ্ডীৰ পৌৰহিত্যত চলা সম্বৰ্ধনা অনুষ্ঠানত ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক টংকেশ্বৰ কলিতা সহ অাৰু কেইবাগৰাকী শিক্ষকৰ লগতে ওৰাঙৰ প্ৰায় দুই শতাধিক বয়োজ্যেষ্ঠ ব্যক্তিক বিহুৱানৰ জৰিয়তে সম্বৰ্ধনা জনোৱা হয়। সম্বৰ্ধনা অনুষ্ঠানত ওৰাং ভিচিডিচিৰ সভাপতি বেণুধৰ অধিকাৰী অাৰু ওৰাং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক পূণ্য প্ৰসাদ উপাধ্যায়ৰ লগতে ওৰাং মাজবাটৰ বিপিএফৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*