নিউজ ডেস্ক, প্ৰথম খবৰ: বিহুৰ উৎসাহৰ মাজতে সোণাপুৰত সংঘটিত হ’ল এক নৃসংশ হত্যাকাণ্ডৰ ঘটনা। সোণাপুৰৰ মৰংগাবাৰীৰ এটা পৰিয়ালৰ পুত্ৰই মাহীমাকক হত্যা কৰা ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চল। নিজ মাহীমাকক দাৰে ঘপিয়াই হত্যা কৰিলে সতীয়া পাষণ্ড পুত্ৰই। নিহত মহিলাগৰাকী প্ৰমীলা বড়ো তথা অভিযুক্ত পুত্ৰ পংকজ বড়ো বুলি জানিব পৰা গৈছে।
পাৰিবাৰিক কন্দলৰ পৰিণতিতে ঘটনা সংঘটিত হোৱাৰ স্থানীয় একাংশৰ। বৰ্তমান ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে আনহাতে পলাতক অৱস্থাত আছে অভিযুক্ত পংকজ বড়ো।