অসম

পিএইছডি সন্দৰ্ভত সাংসদ ৰমেন ডেকাৰ বিস্ফোৰণ

নিউজ ডেস্ক, প্ৰথম খবৰঃ এ পি এচ চি কেলেংকাৰীত পৰি কেইবাজনো এ পি এচ আৰু এ চি এচ বিষয়াই বন্দীত্বৰ জীৱন অতিবাহিত কৰি থকাৰ সময়তে ৰাজ্যৰ সাংসদ ৰমেন ডেকাই মঙ্গলবাৰে নতুন দিল্লীত আন এক বিষ্ফোৰণ ঘটায়৷

সাংসদ ৰমেন ডেকাই এ পি এচ চি কেলেংকাৰীতকৈও অধিক ভয়লগা ভুৱা পি এইচ ডি ডিগ্ৰীধাৰীৰে ৰাজ্যৰ উচ্চ শিক্ষাৰ শিক্ষানুষ্ঠান সমূহ ভৰি থকাৰ কথা উল্লেখ কৰে৷

ৰাজ্যৰ অধিকাংশ উচ্চ শিক্ষানুষ্ঠনত ভুৱা পি এইচ ডি ডিগ্ৰীধাৰী প্ৰবক্তা আৰু অধ্যক্ষ থকাৰ কথা উল্লেখ কৰি নতুন দিল্লীত সাংসদ গৰাকীয়ে কয় যে মধ্যপ্ৰদেশ আৰু ৰাজস্থানৰ পৰা ২ লাখ টকাত এনে ভুৱা পি এইচ ডি ডিগ্ৰীসমূহ এদিনতে লাভ কৰে একাংশই৷ সাংসদ ৰমেন ডেকাই এই সন্দৰ্ভত ইউ জি চিক কথাষাৰ অৱগত কৰাৰ কথা উল্লেখ কৰাৰ লগতে ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়কো ইয়াৰ তদন্তৰ আহ্বান জনায় আৰু এ পি এচ চি বিষয়া সকলৰ দৰে ভুৱা পি এইচ ডি ডিগ্ৰীধাৰীসকলেও জেলহাজতত যাব লাগিব বুলি উল্লেখ কৰে৷

Related Articles

Leave a Reply

Close