সভা-সমিতি

পুৰণিগুদামত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা, প্ৰথম খবৰ: নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ আগশাৰীৰ দহটা সামাজিক-সাংস্কৃতিক সংগঠন মিলি গঠন হোৱা “পুৰণিগুদাম সন্মিলিত সাংস্কৃতিক মঞ্চ” নামৰ নৱগঠিত সংগঠনটোৱে অহা ৮ মাৰ্চত এক ৰাজহুৱা সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰিছে৷ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰাল প্ৰেক্ষাগৃহত দিনৰ এঘাৰ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া উক্ত অনুষ্ঠানত পুৰণিগুদাম ডঃ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সদ্য অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা সু-সাহিত্যিক ডঃ ভূপেন শইকীয়াক ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা হ’ব৷

সুদীৰ্ঘ বাৰটা বছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি মহাবিদ্যালয়খনক নতুন ৰূপত প্ৰতিষ্ঠা কৰাৰ লগতে সমগ্ৰ পুৰণিগুদাম অঞ্চলৰ বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত লেখক, অধ্যক্ষ ডঃ শইকীয়াক পুৰণিগুদাম সন্মিলিত সাংস্কৃতিক মঞ্চৰ হৈ বাপুজী ভৱন আৰু পুথিভঁৰাল, অৰ্নিবান গোষ্ঠী, অবিনশ্বৰ গোষ্ঠী, পুৰণিগুদাম প্ৰেছ ক্লাৱ, আলোড়ন গোষ্ঠী, পুৰণিগুদাম শাখা সাহিত্য সভা, অসম নাট্য সন্মিলন, পুৰণিগুদাম শাখা, পুৰণিগুদাম বিদ্যানিকেতন, জালজৰী সন্মিলিত যুৱ মঞ্চ আৰু কলং কলা কেন্দ্ৰই ৰাজহুৱাভাৱে সম্বৰ্দ্ধনা জনাব৷ উক্ত অনুষ্ঠানত সকলো ৰাইজৰ উপস্থিতি পুৰণিগুদাম সন্মিলিত সাংস্কৃতিক মঞ্চই আন্তৰিকতাৰে কামনা কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close