নিবন্ধ

প্ৰাপ্য নাপাই শিল্পী মৰিব ওলাইছে, প্ৰযোজক সন্থা ক’ত লুকাল?

ৰিতু দাসৰ মুকলি চিঠি:

বিহুৰ দিনটোতে ৰাজশ্ৰী থিয়েটাৰৰ শিল্পীসকলে নিজ প্ৰাপ্য নাপাই আত্মহত্যাৰ কথা ভাবিবলগীয়া হৈছে। প্ৰাপ্য ধন নাপাই ঘৰলৈ যাব পৰা নাই বহু শিল্পী। এই ঘটনাই জোকাৰি গৈছে অসমবাসীক। কিন্তু  এই জটিল সময়ত ক’ত লুকাই আছে সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থা? কিয় দায়িত্বৰ পৰা পলাইছে প্ৰযোজক সন্থাৰ সভাপতি কৃষ্ণ ৰয় আৰু সম্পাদক  দিপ দাস।

কথাই কথাই সন্থাৰ ক্ষমতা দেখুৱাই ভাল পোৱা সদৌ অসম ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক সন্থাৰ সম্পাদক দিপ দাসে বিগত সময়ত বহু নাট্যদলক নিষিদ্ধ কৰাৰ বাবে উঠি-পৰি লাগিছিল। আনকি একাংশ শিল্পীকো ৫ বছৰৰ কাৰণে বাতিল কৰাৰ পাং পাতিছিল এইজন দিপ দাস আৰু সন্থাই। প্ৰাগজোতিষ নামৰ এটা নাট্যদলৰ মালিক দিপ দাসে প্ৰযোজক সন্থাৰ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদ এটা খামুচি ধৰি থকাৰ পাছতো আজি ৰাজশ্ৰী থিয়েটাৰৰ দূৰ্ভগীয়া শিল্পী, কলা-কুশলীসকলৰ হৈ এবাৰো মাত মতা নাই।

একেদৰে নিমাত হৈ অাছে কৃষ্ণ ৰয়। ইপিনে একেই দূৰ্ভোগ ভুগিছে ভাগ্যদেৱী থিয়েটাৰৰ শিল্পী, কলা-কুশলীয়ে। প্ৰাপ্য ধন নাপাই এতিয়াও বিহুৰ দিনা ঘৰলৈ যাব পৰা নাই বহু শিল্পী। মিছাতে সোণালী জয়ন্তীৰ লেবেল লগাই ভাগ্যদেৱীৰ মালিক সুবোধ মজুমদাৰে চৰকাৰী অনুদান লাভ কৰা বুলিও জানিব পৰা গৈছে। যাত্ৰাপাৰ্টী হিচাপে আত্মপ্ৰকাশ কৰা ভাগ্যদেৱীৰ সেই পুৰণা হিচাপ মিলাই ৫০ বছৰীয়া থিয়েটাৰৰ লেবেল লগোৱা সুবোধ মজুমদাৰে আজিও আদায় দিয়া নাই বহু শিল্পীৰ ধন। অসমত আজি শিল্পীৰ এনে অৱস্থা খুবেই চিন্তনীয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close