শেহতীয়া
Home / অসম / ফকিৰাগ্ৰাম সমবায় সমিতিৰ নিৰ্বাচন স্থগিত

ফকিৰাগ্ৰাম সমবায় সমিতিৰ নিৰ্বাচন স্থগিত

 

প্ৰথম খবৰ ফকিৰাগ্ৰাম, কিশোৰ মীশ্ৰা ,২১ এপ্ৰিলঃ চলিত এপ্ৰিল মাহৰ ২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া ফকিৰাগ্ৰাম সমবায় সমিতিৰ সঞ্চালক মণ্ডলীৰ নিৰ্বাচন সাময়িকভাবে স্থগিত ৰখা হৈছে৷সমবায় সমিতিৰ সমুহৰ কোকৰাঝাৰ সহকাৰী পঞ্জীয়ক কাৰ্যলয়ে প্ৰেৰন কৰা চি কে এ জি/৩০/৭৬/পিটি-Ii/৩৬৯ নিৰ্দেশ  মৰ্মে পৰবৰ্তী নিৰ্দেশ নিদিয়ালৈকে এই আদেশ বাহাল থাকিব৷কোকৰাঝাৰ জিলা কো-অপাৰেটিভ ছোছা’ইটিৰ জেষ্ঠ পৰিদৰ্শক তথা সমবায় সমিতি নিৰ্বাচনৰ ৰিটাৰ্নিং বিষয়া এম কে বড়ো আৰু কনিষ্ঠ পৰিদৰ্শক এ এছ বসুমাতাৰীয়ে স্বাক্ষৰ কৰা নিৰ্দেশনা আজি বিভিন্ন পক্ষলৈ প্ৰেৰন কৰা হৈছে বুলি বিভাগীয় সূত্ৰে প্ৰকাশ কৰিছে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*