অসম

ফিল’বাৰীৰ বোকাপথাৰত মৰাণ বিহু কৰ্মশালা সামৰণি

ফিল’বাৰীৰপৰা সুৰজিৎ বড়া, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ বোকাপথাৰত শনিবাৰে মৰাণ বিহুৰ কৰ্মশালা সামৰণি পৰে। সদৌ মৰাণ ছাত্ৰ সন্থাৰ সাংস্কৃতিক বিভাগৰ কাৰ্যসূচী ফিল’বাৰী আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ নেতৃত্বতত ২৬ মাৰ্চৰ পৰা ৭এপ্ৰিললৈকে ১০ দিনৰ ব্যৱধানত আজি এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানেৰে মৰাণ বিহু কৰ্মশালা সামৰণি পৰ্ব হৈ যায়। এই অনুষ্ঠানটিৰ বিহু প্ৰদৰ্শন আগত প্ৰশিক্ষক সকলক একোখনকৈ মানপত্ৰ আৰু মৰাণ গামোচাৰে সন্মান জনাই। ইয়াৰ পূৰ্বে আনহাতে এখন সভাৰ আয়োজন কৰি জনগোষ্ঠীটোৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা হয়। সভাখন পৰিচালনা কৰে ফিল’বাৰী আঞ্চলিকৰ সভাপতি দীপু মৰাণে আৰু ব্যাখ্যা আগবঢ়াই সম্পাদক অৰবিন্দ বৰুৱাই। অতি গুৰুত্বপূৰ্ণ এই সভাখনত উপস্থিত থাকে সংগঠনটোৰ সাংস্কৃতিক সম্পাদক মন্টু চেতিয়া সহ দেৱকান্ত মৰাণ মুনিন্দ দুৱৰা, পলিন্দ মৰাণ, শান্তনু মৰাণ, লক্ষী মৰাণ, বিজু মেধি, তিখেশ্বৰ দহোটীয়া, আদি কৰি বহুকেইজন নেতৃত্ব বহনকাৰী নেতা। ইফালে এই সভাখনত সেনা বিষয়া জিতেন্দ্ৰ কুমাৰ, ৰুনুমী মৰাণ চাউৰক, প্ৰনিতা মৰাণ, সাংবাদিক মনোৰঞ্জন নেওগ, পুস্পধৰ মৰাণ, সুৰজিৎ বড়া, বুধিন বৰা আদি। এই অনুষ্ঠানৰ মাজত মৰাণসকলৰ অন্যতম কুলা বুঢ়ী নাচ আৰু খেৰি পৰিবেশন হয়।

Related Articles

Leave a Reply

Close