কবিতাযুৱশীৰ্ষ

(বলাৎকাৰ)

 

এফালে ৰঙালীৰ ৰং
আনফালে সমাজ কলুসিত অধ্যায়,
আজি যদি ৩ বছৰীয়া
কালি আকৌ ৮ বছৰীয়া,
কৰবাত যদি ১২ বছৰীয়া
কৰবাত আকৌ ১৮ বছৰীয়া,
কোনোবাটো যদি ৰাস্তাৰ দাঁতিত
কোনোবাটো আকৌ খেতি পথাৰত,
জন্মদাতৃ নাৰী তোমাৰ কেছা তেজ আজি
পিশাচৰ হাতত৷

এজন যদি দাস
আনজন ইছলাম, মহম্মদ,
এজন যদি শিক্ষক,
আনজন সাধাৰন শ্ৰমিক৷
আমাৰ দায়সৰা মন্তব্য,
বলাৎকাৰীৰ ধৰ্ম নাই
নাই কোনো জাতি৷

আপুনি শুনিছেনে মন্দিৰৰ ভিতৰত
চিঞৰি চিঞৰি মৃত্যুৰ সতে পৰাজিত হোৱা
৩ বছৰীয়া শিশুৰ গভীৰ হৃদয়ৰ আৰ্তনাদ?
অনুধাৱন কৰিব পাৰিবনে
ধৰ্ষনৰ বলী হৈ মৃত্যুক সাৱটি লোৱা
এগৰাকী যুৱতীৰ পিতৃ-মাতৃৰ হৃদয়ত
জ্বলি থকা জুইৰ দপদপনি?

আৰু কিমান সহ্য কৰিব
খন্তেকীয়া আন্দোলনেৰে হব জানো?
পাব জানো ন্যায়?
হব জানো নিৰ্মূল?
প্ৰয়োজন মাথো
শিক্ষাৰ প্ৰসাৰ আৰু প্ৰসাৰ৷

……. ✍ ভৃগু কুমাৰ কলিতা৷
(84028-56212)

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close