অসমবিনোদনশীৰ্ষ

ব’হাগৰ ব’হাগী উন্মাদনাত মত্ত ৰঙিয়াবাসী

 

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰঙেৰে জীপাল ৰঙিয়াৰ বিহু।ব’হাগৰ আনন্দৰ যেন শেষেই নাই। সমগ্ৰ ৰঙিয়া বাসীক আনন্দ প্ৰদান কৰিবলৈ সাজু ৰঙিয়া জিলা বিহু সমিতি।
অহা ২২ এপ্ৰিল ৮ বহাগ দেওবাৰে ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত কৰা হব বিহু।
উক্ত মঞ্চত সুৰৰ মায়াজালেৰে দৰ্শকক আপ্লুত কৰিব নতুনকৈ আত্মপ্ৰকাশ কৰা “বৰলুইট অসম মিউজিকেল বেণ্ড”
ইয়াৰ উপৰিও থাকিব নেনো গাড়ীখ্যাত কণ্ঠ মেধি। নিজৰ কৌতুকৰ জড়িয়তে ৰাইজৰ বিপুল সমাদৰ লাভ কৰা গেষ্ট্ৰিক বিপুল ৰাভাকো এইখন মঞ্চতে পাব তথা লগতে থাকিব বিহু হুঁচৰি দল।
এই সমগ্ৰ অনুষ্ঠানৰ আত ধৰিব জনপ্ৰিয় গীতিকাৰ তথা নৱ প্ৰজন্মৰ জনপ্ৰিয় কবি হোৱা “নীলা চৰাই, অন্তিম ঠিকনা, অন্য প্ৰেম আদি কবিতাৰ আবৃত্তিকাৰ পুনম নাথে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close