সাহিত্য

বহাগ আহিল বুলি কুলিয়ে বিনালে

অনুপম চৌধুৰী:

‘অ’ কুলি! অ’ কুলি!
কুউ-কুউ-কুউ বুলি

আকৌ …এবাৰ মাত …কুলি….
আকৌ…. এবাৰ….. মাত…..”

বহাগৰ আগমনত অমৃতবৰষা কল-কণ্ঠেৰে প্ৰকৃতিৰ বুকুলৈ যেন সুন্দৰৰ উদ্বেলিত বন্যা বোৱাই আনিলে কুলি চৰায়ে।

বসন্তত শতৰূপা অংগসজ্জাৰে আলোকিত হৈ পৰা বসুন্ধৰাই মানৱচিত্তলৈ অনিৰ্বাচনীয় প্ৰশান্তিৰ ভাবাৱেশ সঞ্চাৰিত কৰাৰ লগতে সমাগত বসন্ত উৎসৱৰো আগলি বতৰা কঢ়িয়াই আনে৷ কূ-উ, কূ-উ মুৰ্হুমুহুঃ কুহৰণেৰে কুলিটিয়েও আপোন অস্তিত্ব ঘোষণা কৰাৰ লগতে অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহুটিৰ আগমনৰ বতৰা জনায় ৷ চ’তৰ শেষত ন-ব’হাগৰ পুনৰ আগমনৰ ইংগিত বহনকাৰী কুলিৰ অবিস্মৃত সুৰৰ সংগীত শুনিবৰ বাবে উৎকৰ্ণ হৈ পৰা অসমীয়া মানুহৰ কুলিটিৰ যাদুকৰী ঐক্যতান কৰ্ণপটহত গুঞ্জৰিত হোৱা মাত্ৰকে দেহ-মন আনন্দত উৎফুল্লিত হৈ পৰে ৷ বিহু, কুলি, অসমীয়া… তিনিওৰে সম্পৰ্ক সেয়েহে ইমান নিবিড়, ইমান এৰাব নোৱাৰা৷

পুৰণি অসমীয়া গীত-মাতত কুলি চৰাইৰ উল্লেখ বিশেষভাৱে পোৱা যায়৷ চৰাই-চিৰিকটিকলৈ সৃষ্টি হোৱা বিহুনামসমূহৰ এটা প্ৰধান উৎস হৈছে কুলি চৰাই৷ কবি-গীতিকাৰৰ হৃদয়ত বসন্ত-দূত কুলি চৰাইৰ সুকীয়া স্থান আছে৷ কুলিৰ সুমধুৰ স্বৰবিন্যাসে মনত পেলাই নিদিয়ে জানো শৈশৱকালত পঢ়া সেই কবিতাফাকিলৈ…
‘অ’ কুলি অ’ কুলি
কূ-উ, কূ-উ, কূ-উ বুলি
আকৌ এবাৰ মাত…’

দিন মাহ বাগৰি পল অনুপল কৰি আকৌ আৰম্ভ হ’য় এটি নতুন বছৰৰ । শীতৰ জঠৰতা আৰু ফাগুনৰ পচোৱাই ঠৰঙা কৰা গছ-বিৰিখে সেউজ কোমল কুঁহিপাতৰ সাজ পিন্ধি চঞ্চলা হৈ পৰিল । প্ৰকৃতিৰ অনুপম সৃষ্টিত ৰহণ চৰাই ৰূপহী অসমী আইক ৰূপে-ৰসে ভৰাই তুলিলে বহাগে। পলাশ,মদাৰ,শিমলুৰ ফুলে পাহি মেলি ৰঙীয়াল হ’ল। নাহৰ,তগৰ,কপৌ, কুসুমৰ সুবাসত চৌদিশ আমোলমোল হ’ল। পাতৰ আঁৰত বহি কুলি কেতেকীয়ে (বসন্তৰ গীত জুৰিলে) সুৰৰ লহৰ তুলিলে। ব’হাগৰ ৰিমঝিম বৰষুণৰ পৰশত জীপাল হোৱা আই ধৰিত্ৰীয়ে সগৰ্বে নিজকে ৰূপহী-গাভৰু হিচাপে প্ৰতিপন্ন কৰিলে। মলয়াৰ ৰিবৰিব শব্দ,কুলিৰ মৌ মিঠা মাত, কেতেকীৰ সুৱদি সুৰৰ তালত তাল মিলাই চৌদিশে প্ৰতিধ্বনিত হ’ল ঢোল, পেঁপা,গগনাৰ মধুৰ ঝংকাৰ।প্ৰকৃতিৰ এই অৰূপ সৌন্দৰ্যই মানুহৰ চেতন মনতো আনন্দৰ লহৰ তুলিলে। ডেকা-গাভৰু , বুঢ়া-মেথাকে আদি কৰি কণ-কণ শিশুবোৰেও স্বতঃস্ফূৰ্তভাবে আৰম্ভ কৰিলে আনন্দ-উলাহৰ বহিৰ্প্ৰকাশ। চৌদিশে মুখৰিত হ’ল নৃত্য-গীতৰ মধুৰ সমাবেশ। এয়াই বিহু। সমগ্ৰ অসমবাসীৰ হিয়াৰ আমঠু ৰঙালী বিহু।

প্ৰাকৃতিক নিয়মত বন্দী পখীৰ জীৱনৰ এক অংগাংগী অভিযোজনা প্ৰব্ৰজন। নিৰ্দিষ্ট ঋতুত কিছুমান চৰায়ে এঠাইৰ পৰা আন এঠাইলৈ পৰিভ্ৰমণ কৰে প্ৰজননৰ উপযোগী জলবায়ু তথা অনুকুল পৰিৱেশৰ সন্ধানত। বসন্তৰ প্ৰাকক্ষণত সেয়েহে অসমলৈ আগমন ঘটে কুলি চৰাইৰ। কোনোবা অজান দেশৰ পৰা আহি আসমবাসীক দিয়ে বহাগৰ আগলি বতৰা। বসন্তৰ শেষত আকৌ কূ-উ, কূ-উ পঞ্চম সুৰৰ অধিকাৰী কুলি চৰাই আতৰি যায়গৈ কোনোবা অজান্তি মুলুকলৈ। ৰাগিনীৰে মাথো কৈ যায়…
‘জাৰ হ’লে অন্ত আহিব বসন্ত
পছোৱা বলিব জোৰ,
তেতিয়া আহিম আকৌ নাচিম
ধৰিম গানৰ সুৰ৷’

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close