লিলি দাস:
বিহু আহি পদুলীমুখ পালেহি তথাপি দেখোন বৰদৈচিলাজনীৰ খবৰেই নাই। কেনিবা গ’ল আচল উৰুৱাই, বিহুৰ হবলা খবৰেই পোৱাই নাই। নাই মেঘৰ গৰ্জনী, নাই হিল-দল ভাঙি যোৱা বতাহৰ সোঁ-সোৱনী। কেনেকৈনো শুকান পৃথিবীখনত গছ-লতা আৰু পথাৰৰ শষ্যবোৰ ঠন ধৰি উঠিব। গাওঁ বোৰত ঢোলৰ মাত নাই, তাঁত শালত শিপিনীৰ মাকুৰ ঘিট-ঘিটনী নাই। কাৰণ সকলোৰে কৰ্ম ব্যস্ততা, সেয়েহে শিপিনীবোৰে গড়কাৰ চাৱে চাৱে সপোন ৰচি বিহুৱানখন বুৱ নোৱাৰি বজাৰৰ পৰা কিনি আনি আপোনজনক যাচিব।
গাওঁবোৰতো নাই ঢেকীৰ মাত, নাই আখলত সান্দহ-পিঠাৰ উখল-মাখল। বিহুনাম গাই গাই পাচি ভৰাই সাত শাক তোলা আই বাই সকলোৰো বিহুনাম বোৰও যেন সময়ৰ সতে খোজ মিলাইছে। নাই পথাৰত ঢুলিয়াৰ ঢোল-পেপাৰ মাত, নাই ঢোলৰ চেৱে চেৱে নাচনীৰ প্ৰাণ পাই উঠা বিহুনাচ। সকলোবোৰ যেন এদিনীয়া বিহু সন্মিলন খনতেই সীমাবদ্ধ হৈ ৰ’ল। গতিকে বিহুৰ মাদকতাই নোহোৱা হ’ল।
পূৰ্বতে বিহু বুলিলে মানুহৰ মনবোৰ আনন্দত নাচি উঠিছিল। কি ধনী, কি দুখীয়া সকলোৱে বিহুৰ নামত আত্মহাৰা হৈছিল আৰু বৰ্তমান সময়ত সকলোবোৰ যেন সেমেকি গ’ল। এতিয়া সকলোৱে কৰ্মব্যস্ত গতিকে ঢোল পেপাৰে পেট নভৰে। সেয়েহে এইবিলাক সময়ৰ সোঁতত এৰিবলৈ বাধ্য হ’ল।
আমাৰ দিনত মাঘৰ বিহু যোৱাৰ পিছৰে পৰা বিহুৱান বোবলৈ আৰম্ভ কৰিছিলো, কাৰণ চ’ত মাহৰ আগতে বোৱা বিহুৱানখনহে ল’ৰা-ছোৱালীক দিয়া নিয়ম আছিল। সেই কাপোৰখনৰ এডাল সুতাও কটাৰী বা কেচিৰে কটাত বাধা আছিল আৰু কাটিলে অমংগল হয় বুলি আগৰ আইতাবোৰে কোৱা শুনিছিলো। এতিয়া কোনে তেনেকৈ কাপোৰ ব’ব। আমাৰো এতিয়া বয়স হ’ল, বেমাৰেও পিছ নেৰা হ’ল এতিয়া বিহুৱান নো আৰু কেনেকৈ!!
বজাৰৰ পৰা কিনি আনিয়ে আমিও আপোন জনক মৰমৰ বিহুৱানখন দিম।