প্ৰথম খবৰ, চেঙা: যোৱা নিশা বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত নিজ বহৰিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হয়।নৃশংস হত্যাকাণ্ডৰ বলি হোৱা যুৱকজনক নিজ বহৰিৰ মতলেব মিঞা(১৮) বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে, মতলেব মিঞাক সোমবাৰে ৰাতি ১২মান বজাত ঘৰৰ পৰা ইলিয়াছ খানে বিশেষ কাম থকা বুলি মাতি নি পৰিকল্পিতভাৱে হত্যা কৰা বুলি মৃত মতলেব মিঞাৰ আত্মীয়ই অভিযোগ উত্থাপন কৰি তাৰাবাৰী আৰক্ষী থানাত ৬ গৰাকী ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।
ইতিমধ্যে যোৱা নিশাই তাৰাবাৰী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুনীন্দ্ৰ নাৰায়ণ দাসে ঘটনাস্থলীত উপস্থিত হৈ নিজ বহৰিৰ ইলিয়াছ খান আৰু নাজমা পাৰবিন নামৰ নৱ-দম্পতীহালক অভিযোগৰ ভিত্তিত আটক কৰে।
উল্লেখ্য যে, ঘটনা সংঘটিত হোৱাৰ পিছত মতলেব মিঞাক চেঙা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। ধৃত ইলিয়াছ খান আৰু ইলিয়াছ খানৰ পত্নী নাজমা পাৰবিনক আৰক্ষীয়ে আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে। আনহাতে ধৃত নাজমা পাৰবিনে মতলেব মিঞাক দাৰে হাতত ঘপিওৱা বুলি বিস্ফোৰক স্বীকাৰোক্তি প্ৰদান কৰিছে আৰক্ষী আৰু সংবাদ মাধ্যমৰ ওচৰত। ডেৰ মাহ পূৰ্বে নাজমা পাৰবিনে ধৃত ইলিয়াছ খানৰ স’তে বিবাহ পাশত আৱদ্ধ হৈছিল। মৃত মতলেব মিঞাই ৰাতি ৰাতি নাজমা পাৰবিনক অসৎ উদ্দেশ্যেৰে বেৰৰ ফুটাইদি হাত সুমুৱাই দি অহা বুলি নাজমা পাৰবিনে মৃত মতলেব মিঞাৰ বিৰুদ্ধে অভিযোগ তুলিছে আৰু তাৰ বাবেই হাতত ঘপিওৱা বুলি স্বীকাৰোক্তি দিছে।
আৰক্ষীৰ তদন্তৰ পিছতহে হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। মতলেব মিঞাৰ মৃতদেহটো মৰোণত্তৰ পৰীক্ষাৰ বাবে বৰপেটাৰ ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় হস্পিতালয়লৈ প্ৰেৰণ কৰা হৈছে।