অসম

বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত মাধুৰী আঁহতৰ বিহুৰ শতবৰ্ষ, প্ৰীতিকংকনাই উদ্বোধন কৰিলে শোভাযাত্ৰা

চতিয়াৰপৰা সৌৰভ হাজৰিকা, প্ৰথম খবৰ: অসমৰ প্ৰথমখন মুকলি বিহুমেলা সদৌ চতিয়া সাৰ্ব্বজনীন মাধুৰী আঁহতৰ তলৰ মুকলি বিহু মেলাৰ শতবৰ্ষ উদযাপনৰ বিভিন্ন কাৰ্যসূচী যোৱা ৩০ চ’তৰ পৰা আৰম্ভ হৈছে।

১৯১৮ চনতে আৰম্ভ হোৱা এই বিহুৰ এইবাৰ শতবৰ্ষ। শতবৰ্ষ উদযাপনৰ প্ৰথম দিনা চতিয়াৰ এশজন ব্যক্তিয়ে পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে৷ পতাকা উত্তোলনৰ পাচতেই শ্বহীদ তৰ্পণ কৰে চতিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি কাজু মণ্ডলে৷ শ্বহীদ তৰ্পণৰ পাচতেই মাহ-হালধিৰে গোধনক আদৰা হয় আৰু শ্ৰেষ্ঠ বলধ নিৰ্বাচন কৰা হয়৷ শ্ৰেষ্ঠ বলধ ৰূপে নিৰ্বাচিত হয় বেহাৰবাৰী আউটপোষ্টৰ পৰিচালক মনোজ শইকীয়াৰ নিজা গৃহৰ বলধ হালে। ইয়াৰ পাচতেই চতিয়াৰ এশ গৰাকী দেউৰী, বিলনীয়া, পাঠেকক সম্বৰ্ধণা জনোৱা হয়৷

দ্বিতীয় দিনা, ১ ব’হাগত পুৱা ৯ বজাত মাধুৰী আঁহতৰ শতিকাৰ বাৰেৰহনীয়া ধৰ্মীয় ও সাংস্কৃতিক শোভযাত্ৰা উলিওৱা হয়৷ প্ৰায় দহ সহস্ৰাধিক লোকে অংশ গ্ৰহণ কৰা এই শোভাযাত্ৰাত চতিয়াৰ বিভিন্ন ধৰ্মীয় পৰম্পৰা, কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়৷ বহুৱাবাৰীৰ ভাগৱত, চতিয়ালৰ, ভাওনা, চৰলাবৰুৱাচুকৰ বোকাখেচা ভাওনা, কছাৰী গাঁৱৰ তিনিশ বছৰীয়া ৰাস আৰু ঔখোৱা বাকৰিৰ “বিশ্ব বিজয় নৱজোৱান “গীত, ৰহধৰ চুকৰ কীৰ্ত্তন ঘৰ, পহুচুৱাৰ নিমাই পালা, শ’লাল গাৱৰ শ’লাল বৰগোহাইৰ প্ৰতীক, কৰতি গাঁৱৰ ভোজন বাহাৰ, মালৰ গাঁৱৰ মুক্তিযোদ্ধা ভূমিধৰ বৰদলৈৰ কাছাৰীত পতাকা তোলাৰ প্ৰতীকপটকে ধৰি পতিয়া গাঁও, গেৰেকী, ভকত গাঁও, বেজবৰুৱাৰ পথ, চৰাইজনীয়া, উদয়পুৰ, ঘাহি গাঁওকে ধৰি প্ৰায়বোৰ গাঁৱে অংশ গ্ৰহণ কৰে৷ ইয়াৰ উপৰিও জ্ঞান বিকাশ একাডেমী, মেৰীগল্ড হাইস্কুল, চতিয়া মহাবিদ্যালয়কে ধৰি প্ৰায়বোৰ অনুষ্ঠানে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰে শোভাযাত্ৰাত ভাগ লয়৷ এই বিশাল শোভাযাত্ৰাৰ উদ্বোধন কৰে মোহময়ী অভিনেত্ৰী প্ৰীতিকংকনাই৷

আনহাতে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকৰ লুতুকন আৰু সুস্মিতা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু প্ৰাক্তন মন্ত্ৰী প্ৰবীন হাজৰিকাই৷ প্ৰায় দহ সহস্ৰাধিকে লোকেৰে এক জনসমুদ্ৰত পৰিণত হয় মাধুৰী আঁহতৰ স্থলী। বৰ্তমানলৈ চলি আছে মাধুৰীৰ অকমানি আৰু মাধুৰী সৰু বিহুৱতীৰ প্ৰতিযোগিতা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close