অসম

বিদ্যালয়ৰ শিক্ষকৰ ক’লা দিৱস পালন

প্ৰখম খবৰ, শিৱসাগৰ: শিক্ষা বিভাগৰ চৰম বঞ্চনা আৰু অপমানৰ প্ৰতিবাদত বুধবাৰে ১৫৩০ গৰাকী বেতন বঞ্চিত প্ৰাথমিক শিক্ষকে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ক’লা দিৱস পালন কৰে।

উল্লেখযোগ্য যে, শিক্ষক সকলৰ চাকৰি নিয়মীয়া কৰণৰ বাবে ইতিমধ্যে বহু বাৰ তদন্তৰ নামত তদন্ত কৰি লৰা ধেমালি কৰাই নহয় শিক্ষক সকলৰ জীৱনক লৈ হেতালি খেলাৰ তীব্ৰ অভিযোগ তুলিছে বেতন বঞ্চিত শিক্ষক সমিতিয়ে। অতি শেহতীয়াকৈ উজনি অসমৰ আয়ুক্তৰ যোগেদি কৰা তদন্তৰ প্ৰতিবেদনত শিক্ষকসকল নিয়মীয়া শিক্ষক হিচাপে তথ্য দাখিল কৰাৰ পাছতো কেৱল মাত্ৰ ২০ গৰাকী শিক্ষকৰ হে চাকৰি নিয়মীয়া কৰণ কৰে।

আচৰিত কথা যে, এই ২০ গৰাকীৰ শ্ৰী অৰুণ কছাৰী আৰু শ্ৰীমতী বীণা কুমাৰী ফুকন নামৰ শিক্ষক গৰাকী ইতিমধ্যে চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছে। গতিকে শিক্ষা বিভাগে শিক্ষক সকলৰ জীৱনক লৈ এনে ধৰণৰ লৰা ধেমালি কৰাৰ বাবে আজি বেতনৰ পৰা বঞ্চিত শিক্ষক সমাজ জাঙুৰ খাই উঠে। “ক’লা দিৱস” কাৰ্যসূচীত শিক্ষক সকলৰ লগত যৌথ সংগ্ৰামী মঞ্চৰ হৈ অশ্বিনী চেতিয়, ৱালিফ আহমেদ, ফৰিদ ইছলাম হাজৰিকা, কেইবাগৰাকীও অভিভাৱকৰ লগতে কেইবাজনো শিক্ষানুৰাগী ব্যক্তি উপস্থিত থাকি প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰে।

আজি পুনৰবাৰৰ বাবে জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী লৈ এক স্মাৰক প্ৰদান কৰি অনতিপলমে এই শিক্ষক সকলৰ সমস্যা সমাধানৰ বাবে সজোৰে দাবী উত্থাপন কৰে। অন‌্যথা মিত্ৰজোঁটৰ বিজেপি চৰকাৰে অনাগত দিনত শিক্ষক সমাজৰ অভিশাপৰ বোজা বহন কৰিব লাগিব বুলি মুকলি ভাষণত প্ৰকাশ কৰিছে শিক্ষক সকলে।

Related Articles

Leave a Reply

Close