অসমশীৰ্ষ

বিহালীত ধুমুহা বতাহৰ ব্যাপক প্ৰভাৱ, বিধ্বস্ত বহু ঘৰ-দুৱাৰ, ৰাজহুৱা সম্পত্তিৰ হানি বিহালী মহাবিদ্যালয়ৰ নৱনিৰ্মিত চাইকেল ষ্টেণ্ড সম্পূৰ্ণৰূপে ধ্বংস

 

বিহালীৰ পৰা অম্লান কাশ্যপ চাহাৰ প্ৰতিবেদন প্ৰথম খবৰ :

যোৱা নিশা সন্ধিয়া ভাগত অহা বিধ্বংসী ধুমুহা বতাহৰ ফলত বিহালীৰ বিভিন্ন প্ৰান্তত সংঘটিত হয় বহু অনাকাংক্ষিত ঘটনা ।

বিহালী সমষ্টিৰ বৰগাং, বেদেতী, জিনজিয়া, বৰজাৰণী, ৰৌমাৰী আদি বিভিন্ন ঠাইত ডাঙৰ ডাঙৰ গছ-গছনি ভাঙি মানুহৰ বাসস্থান তথা ৰাজহুৱা সম্পত্তিৰ ধ্বংস হয় ।

ইয়াৰ সমান্তৰালভাৱে গছ-গছনি সমুহ ভাঙি যোৱাৰ ফলত বিহালীৰ বিভিন্ন ঠাইত বিদ্যুৎ ৰ তাঁৰসমুহ চিঙি যায়, যাৰ ফলত যোৱা নিশাৰ পৰা বৃহত্তৰ অঞ্চলটোৰ বিদ্যুৎ সেৱা বাতৰি লিখা পৰলৈকে ব্যাহত হৈ আছে ।

জানিব পৰা মতে, বিহালী সমষ্টিৰ একমাত্ৰ উচ্চ শিক্ষাৰ অনুষ্ঠান বিহালী স্নাতক মহাবিদ্যালয়ত অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তই আজি কিছুদিন পূৰ্বে ৭ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা বাইক আৰু চাইকেল ষ্টেণ্ড এটাৰ দুৱাৰ উদ্ধোধন কৰিছিল । কিন্তু যোৱা নিশাৰ ধুমুহাত ষ্টেণ্ডটোৰ গাতে লাগি থকা এডাল প্ৰকাণ্ড গছ ষ্টেণ্ড গৃহত পৰি যোৱাৰ ফলত ষ্টেণ্ডটো সম্পূৰ্ণৰূপে ধ্বংস প্ৰাপ্ত হয় ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close