শেহতীয়া
Home / অসম / বিহালীত ৰে’ল দুৰ্ঘটনাত নিহত ১

বিহালীত ৰে’ল দুৰ্ঘটনাত নিহত ১

প্ৰথম খবৰ, বিহালী: বিহুৰ আনন্দৰ মাজতে বিশ্বনাথৰ বৰগাং চাহ বাগিছাত ভয়ানক দুৰ্ঘটনা। নিশা ৰে’লৰ খুণ্ডাত নিহত দুৰ্ভগীয়া ২২ বছৰীয়া যুৱক৷

শ্বীল বিষ্টাৰ প্ৰজা নামৰ দুৰ্ভগীয়া যুৱক জনৰ ঘৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত চেৰেলীয়া কুহিঁয়াৰবাৰীত৷ সম্পৰ্কীয় আত্মীয়ৰ ঘৰৰ বিয়াৰ পৰা উভতি আহোতে নিশা সংঘটিত এই ঘটনা।

চেৰেলীয়া কুহিঁয়াৰবাৰীৰ বুধুৱা প্ৰজাৰ মাজু পুত্ৰ শিল বিস্তাৰৰ এই দুৰ্ঘটনাক পৰিকল্পিত হত্যাৰ সন্দেহ স্থানীয় ৰাইজৰ৷ বিশ্বনাথ বিহালীৰ বৰগাং চাহ বাগিছাৰ ৰে’ল লাইনৰ সমীপত সংঘটিত এই অঘটন৷ হাত ভৰি খণ্ড খণ্ড অৱস্থাত যুৱক জনৰ মৃতদেহ উদ্ধাৰ কৰা হয়। আনহাতে নিশাৰ ভাগত ৰে’ল দুৰ্ঘটনাৰ সন্দেহ একাংশৰ। ঘটনাস্থলীত ইতিমধ্যে ৰে’ল আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*