সভা-সমিতি

বিহালীৰ বেদেতীত শোণিতপুৰ জিলা (অবিভক্ত) ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সপ্তম ত্ৰি-বাৰ্ষিক অধিবেশন

বিহালীৰপৰা অম্লান কাশ্যপ চাহা, প্ৰথম খবৰ: ৰবিবাৰে ইং ১ এপ্ৰিল ২০১৮ তাৰিখে বিহালী সমষ্টিৰ অন্তৰ্গত বেদেতীৰ অমিয় ভৱনত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ অবিভক্ত শোণিতপুৰ জিলা সমিতিৰ সপ্তম ত্ৰি-বাৰ্ষিক অধিবেশনখনি অনুষ্ঠিত হয়। অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা সাধাৰণ সভাত সভাপতিত্ব কৰে অবিভক্ত শোণিতপুৰ জিলা সমিতিৰ সভাপতি প্ৰবীণ হাজৰিকাই‌। প্ৰায় ডেৰ শতাধিক ক্ষুদ্ৰ চাহ খেতিয়ক উপস্থিত থকা সভাখনত অংশগ্ৰহণ কৰে ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ ৰাজ্যিক সভাপতি গোপাল কৃষ্ণ খাউণ্ড, কেন্দ্ৰীয় সমিতিৰ হিচাপ পৰীক্ষক প্ৰনৱ শৰ্মা, নগেন শইকীয়া, মৃণাল গগৈ, উত্তৰ সংমণ্ডলৰ সম্পাদক জিতু শইকীয়া, ডঃ ৰঞ্জন গগৈ, শোভন শইকীয়া, ভোলা বৰা, কুমুদ শইকীয়া আদিয়ে।‌

সভাত ভাষণ প্ৰসংগত সভাপতি প্ৰবীণ হাজৰিকাই মন্তব্য কৰে যে, মহাৰাষ্ট্ৰত প্ৰায় ৪০ হাজাৰ কুঁহিয়াৰ খেতিয়কে চৰকাৰৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে ঠিক তেনেদৰে অদূৰ ভৱিষ্যতে অসমতো ক্ষুদ্ৰ চাহ খেতিয়ক সকলে চৰকাৰৰ ওপৰত প্ৰভাৱ পেলাব পাৰিব, লগতে ৰাজ্যিক সভাপতি গোপাল কৃষ্ণ খাউণ্ডে অসমৰ চাহ খেতিয়কসকল অসমৰ সীমাৰ অতন্দ্ৰ প্ৰহৰী বুলি ভাষণ প্ৰসংগত তাৎপৰ্যপূৰ্ণ মন্তব্য কৰাৰ সমান্তৰালভাৱে কেঁচা চাহ পাতৰ দৰ ঠাই বিশেষে ভিন্ন হোৱাৰ বাবে ক্ষোভ প্ৰকাশ কৰাৰ লগতে এইক্ষেত্ৰত পদক্ষেপ লোৱাৰ আশ্বাস প্ৰদান কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close