অসম

বিহুৰ কেইদিনত টীয়কত বৃদ্ধি পাইছে বাইক দুৰ্ঘটনা, নিহত ৩ জন

টীয়কৰপৰা সমীৰণ বৰঠাকুৰ, প্ৰথম খবৰ: পবিত্ৰ ব’হাগৰ বিহুটিৰ বাবে সকলো ব্যস্ত থকাৰ মাজতে টীয়কৰ বহু স্থানত সংঘটিত হৈছে দুৰ্ঘটনা৷ গৰু বিহু দিনা টীয়কৰ মাঁজগাঁওত বাইক আৰু মেজিকৰ মাজত সংঘটিত এক ভয়ানক দুৰ্ঘটনাত টীয়কৰ এজন সৰবৰহী যুৱকে মৃত্যুক সাৱতি লয়৷ পাৰ্থ বৰা নামৰ কাকজান মহাবিদ্যালয়ৰ ৪ৰ্থ ষান্মাষিকৰ গণিত বিভাগৰ ছাত্ৰজনৰ অকাল বিয়োগে সমগ্ৰ টীয়কতে শোকৰ ছাঁ পেলাইছে৷ এই দুৰ্ঘটনাত আন এজন ব্যক্তি আহত হৈ মৃত্যুৰ চিকিৎসাধীন হৈ আছে৷

ইয়াৰ লগতে একেদিনাই কাকজানত সংঘটিত এক দুৰ্ঘটনাত কাকজান দিহাপুলৰ বিজিত বৰুৱা নামৰ এজন যুৱকে মৃত্যুক সাৱতি লয়৷

উল্লেখযোগ্য যে, কেইবাদিনো পূৰ্বে সেইস্থানত সংঘটিত এক দুৰ্ঘটনাত পতিত এখন মালবাহী ট্ৰাকে ৰাষ্ট্ৰীয় ঘাইপথৰ এটা দিশ সম্পূৰ্ণৰুপে আৱদ্ধ কৰি কেইটামান চিমেণ্টৰ বস্তা পথত ৰাখি থৈছিল। প্ৰশাসনে কোনো ব্যৱস্থা নোলোৱা বাবে সেই চিমেণ্টৰ বষ্টাত খুন্দা মাৰি চিটিকি পৰে বিজিত বৰুৱা। ইয়াৰ পিছতে এখন ট্ৰেভেলাৰে পৰি থকা বিজিত বৰুৱাক পুনৰ খুন্দিয়াই৷ ফলত থিতাতে নিহত হয় যুৱকজন৷

ইয়াৰ বিপৰীতে কালি মানুহ বিহুৰ দিনা নিশা ১১বজাত টীয়কৰ মিধাখাটত এখন নৈশ বাছে কৰুনজ্যোতি দলে নামৰ বাইকআৰোহীজনক খুন্দিয়াই৷ ফলত থিতাতে নিহত হয় ব্যক্তিজন৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close