শেহতীয়া
Home / সভা-সমিতি / বেংগলী যুৱ ছাত্ৰ ফেডাৰেশনৰ সভা, নতুন সমিতি গঠন

বেংগলী যুৱ ছাত্ৰ ফেডাৰেশনৰ সভা, নতুন সমিতি গঠন

ফকিৰাগ্ৰামৰপৰা কিশোৰ মীশ্ৰা, প্ৰথম খবৰ: বুধবাৰে পুৱা দহ বজাত ফকিৰাগ্ৰাম ৰে’ল জংচন পাৱাৰ হাউচ এলেকাত সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেশন (কমল চৌধুৰী গোট)ৰ এখন সাধাৰন সভা অনুষ্ঠিত হয়৷

কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামত অনুষ্ঠিত হোৱা সভাখনত পৌৰহিত্য কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰাম কুমাৰ কৰ্মকাৰে৷ বিটিএডিৰ ক্ষেত্ৰীয় সমিতিৰ সভাপতি ৰাজীৱ সৰকাৰ, সদস্যদ্বয় ক্ৰমে উত্তম মণ্ডল, পিযুষ চন্দ্ৰৰ উপৰি ফকিৰাগ্ৰাম এলেকাৰ বহু লোকে উপস্থিত থকা সভাত জয়ন্ত দেৱনাথক সভাপতি, সঞ্জয় মণ্ডল আৰু স্বপন সুত্ৰধৰক উপ সভাপতি, সন্দীপ ভৌমিকক সম্পাদক আৰু ৰাজু সাহাক কোষাধ্যক্ষ হিচাপে লৈ ৩১ জনীয়া সদস্যৰে বেংগলী যুৱ ছাত্ৰ ফেডাৰেশনৰ ফকিৰাগ্ৰাম আঞ্চলিক সমিতি গঠন কৰা হয়৷

সভাত ব্যক্তিগত স্বাৰ্থ পৰিহাৰ কৰি জাতি আৰু সমাজৰ উন্নয়নৰ স্বাৰ্থত কাম কৰিবলৈ নেতৃবৃন্দৰ প্ৰতি আহ্বান জনায় সভাপতি ৰাম কুমাৰ কৰ্মকাৰে৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*