অসমনলবাৰীশীৰ্ষ

বৰক্ষেত্ৰীত পুনৰ ধৰ্ষণ কাণ্ড, আৰক্ষীৰ জালত অভিযুক্ত

প্ৰথম খবৰ, চেঙা: সমগ্ৰ অসমতে ধৰ্ষণ কাণ্ডৰ তীব্ৰ প্ৰতিবাদ হৈ থকাৰ মাজতে পুনৰ আন এক ধৰ্ষণ কাণ্ড পোহৰলৈ আহিছে নলবাৰীৰ বৰক্ষেত্ৰীত।

বুধবাৰে নলবাৰী জিলাৰ দৌলাশাল আৰক্ষীয়ে ধৰ্ষণত অভিযুক্ত বিবাহিত লম্পট এটাক নলবাৰীত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৰ্ষণত অভিযুক্ত ধৃত লম্পটটো হৈছে বৰক্ষেত্ৰীৰ ২নং কেকানকুছিৰ চহিদুল ইছলাম(৪০)। ধৃত চহিদুল ইছলামে যোৱা ১৩ এপ্ৰিলৰ নিশা বৰক্ষেত্ৰীৰ ঘৰুৱাবাহাত এগৰাকী পঞ্চাশ বছৰীয়া মহিলাক ধৰ্ষণ কৰা বুলি দৌলাশাল আৰক্ষী চকীত মহিলাগৰাকীয়ে এজাহাৰ দাখিল কৰিছিল।

মুকালমুৱা থানাত দৌলাশাল আৰক্ষীয়ে ১৩৫/১৪ নম্বৰ গোচৰ আৰু ভাৰতীয় দণ্ড বিধিৰ ৩৭৬ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি ধৰ্ষণত অভিযুক্ত চহিদুল ইছলামৰ সন্ধানত অভিযান তীব্ৰতৰ কৰি তুলিছিল।

ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই ধৰ্ষণত অভিযুক্ত চহিদুল ইছলাম পলাতক আছিল। আজি দৌলাশাল আৰক্ষীৰ তৎপৰতাত অভিযুক্ত চহিদুল ইছলাম আটক হয়। এক বিশেষ সূত্ৰৰ পম খেদি দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জগানন্দ বড়োৰ নেতৃত্বত যোৱা এদল আৰক্ষীয়ে নলবাৰীত লম্পট চহিদুল ইছলামক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

উল্লেখ্য যে, ধৰ্ষিতা মহিলাগৰাকী অভিযুক্ত চহিদুল ইছলামৰ দ্বিতীয় পত্নী আছিল যদিও চহিদুল ইছলামৰ স’তে মহিলা গৰাকীৰ বিবাহ বিচ্ছেদ হৈ বেলেগে থাকিবলৈ লৈছিল। জানিবপৰা মতে, যোৱা ১৩ এপ্ৰিলৰ নিশা ডাৱৰীয়া বতৰৰ সুযোগ লৈ লম্পট চহিদুলে অকলশৰীয়া মহিলা গৰাকীক ধৰ্ষণ কৰে।

Related Articles

Leave a Reply

Close