অসমনগাঁও

বৰচিলাত মহিলা স্ব-নিয়োজনৰ উদ্যোগ এ এছ আৰ এল এমৰ, মুকলি হ’ল পানী মেটেকাৰ সামগ্ৰী উৎপাদন কেন্দ্ৰ

প্ৰথম খৱৰ, জাজৰি: পেলনীয়া পানী মেটেকাৰে বিভিন্ন সামগ্ৰী প্ৰস্তুত তথা বিক্ৰীৰ জৰিয়তে গাঁৱৰ মহিলাসকলক আৰ্থিকভাৱে সৱল আৰু স্বনিৰ্ভৰশীল কৰাৰ লক্ষ্য আগত লৈ যোৱাকালি নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিম প্ৰান্তৰ অতিকৈ পিছপৰা বৰচিলা গাঁৱত মুকলি কৰা হ’ল এটি পানী মেটেকাৰ সামগ্ৰী উৎপাদন কেন্দ্ৰৰ।

অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা আঁচনিৰ অন্তৰ্গত দলংঘাট ব্লক এম. এম ইউৰ প্ৰচেষ্টাত আৰম্ভ হোৱা এই কেন্দ্ৰটোৰ জৰিয়তে দলংঘাট উন্নয়ন খণ্ডৰ অধীনৰ ১০ টা মহিলা আত্মসহায়ক গোট আৰু ২ টা মহিলা সংগঠনৰ সৰ্ব্বমু্ঠ ১০০ গৰাকী মহিলাই পানী মেটেকাৰে বিভিন্ন সামগ্ৰী যেনে বেগ, টুপি, বস্ক আদি প্ৰস্তুত কৰি উপাৰ্জনৰ পথ উলিয়াব লৈ সক্ষম হ’ব। কালি বৰচিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানটিত অংশ লৈ কেন্দ্ৰ টো আনুষ্ঠানিকভাৱে মুকলি কৰে ‘অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযান’ৰ প্ৰকল্প প্ৰৱন্ধক পল্লৱ গোস্বামীয়ে।

এই অনুষ্ঠানত ডিষ্ট্ৰিক ফাংচনেল এক্সপাৰ্ট সীমা দাস, ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ দলংঘাটৰ ব্লক প্ৰগেম মেনেজাৰ টিনামণি দত্ত, অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ দলংঘাটৰ ব্ল’ক সমন্বয়ক অনিন্দ্ৰ ভূঞাৰ লগতে কেইবাটাও মহিলা সংগঠন তথা আত্মসহায়ক গোটৰ মহিলা উপস্থিত থাকে।

Related Articles

Leave a Reply

Close