অসমবৰপেটাশীৰ্ষ

বৰপেটাৰোডত দিন দুপৰতে চোৰ, লুটি নিলে লক্ষধিক টকা আৰু সোণৰ অলংকাৰ

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰোডত দিন দুপৰতে খিৰিকীৰ ৰদ ভাগি শ্ৰী গণেশা অফচেত প্ৰিন্টাৰৰ স্বত্বাধিকাৰী দেৱজিৎ ডেকাৰ(জান)ৰ মিলননগৰ বিদ্যাপুৰৰ ঘৰৰপৰা ১২ তোলা সোণ আৰু নগদ প্ৰায় চাৰি লাখ টকা লৈ যায়।

প্ৰাপ্ত তথ্য অনুসৰি, কালি ডেকাই সপৰিয়ালে বিহু উপলক্ষে নিত্যনন্দৰ শহুৰৰ ঘৰলৈ গৈছিল দুপৰীয়া ১২ মান বজাত আৰু সন্ধিয়া ৭ বজাত ঘূৰি আহিছিল।

সেইখিনি সময়ৰ মাজতে ঘৰৰ পিছফালৰ ৱাল পাৰ হৈ আহি খিড়িকীৰ ৰদ ভাঙি ঘৰত প্ৰৱেশ কৰি গদৰেজ অলমাৰীৰ লোকৰ ভাঙি ১২ তোলা সোণ আৰু নগদ ৪ লাখ টকা লৈ যায়৷ ঘৰলৈ ঘূৰি আহি আগফালৰ তলা খুলি ঘৰত প্ৰৱেশ কৰাৰ পিছতহে উক্ত ঘটনা প্ৰত্যক্ষ কৰে। ডেকাৰ পত্নীয়ে চিমালগুৰি আৰক্ষী চকীত গোচৰ দিছে যদিও এতিয়ালৈ একো শুং সূত্ৰ পোৱা নাই ধৃত চোৰ কেইজনৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close