অসমশীৰ্ষ

বৰপেটাৰ স্বেচ্ছাসেৱী অনুষ্ঠান আলোড়ন এক নতুনত্বৰ সৃষ্টিৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন

নিউজ ডেস্ক, প্ৰথম খবৰ :

আলোড়ন…এক নতুনত্বৰ সৃষ্টি, সমাজ সেৱা আৰু সেউজী ধৰণী যাৰ লক্ষ,নামেই যাৰ পৰিচয়। আজি অৰ্থাৎ ২২এপ্ৰিল তাৰিখে বৰপেটাৰ পেঞ্চনাৰ ভৱনৰ প্ৰাঙ্গনত বৰপেইটাৰ স্বেচ্ছাসেৱী অনুষ্ঠান তথা ২০১৭বৰ্ষৰ বৰ্ষশ্ৰেষ্ঠ স্বজাতি জনস্বাস্থ্য বঁটা প্ৰাপ্ত আলোড়ন এক নতুনত্বৰ সৃষ্টি ৰ আজি দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন কৰা হয়।
উক্ত দিনটোত
ৰাতিপুৱা ১১বজাত পতাকা উত্তোলন কৰা হয়,উত্তোলন কৰে বৰপেটা প্ৰেছ ক্লাৱৰ সভাপতি  প্রিয় ৰঞ্জন দাসে।

১১.৩০বজাত ৰক্তদানৰ ওপৰত সজাগতা সভা এখনি কৰা হয়,আলোড়ন সভাপতি মৃদুল তালুকদাৰ ৰ নেতৃত্বত উক্ত সভাখনত বিশিষ্ঠ বক্তা হিচাপে উপস্থিত থাকে বৰপেটা মেডিকেল কলেজৰ কৰ্মৰত ডক্টৰ ডঃ বিদ্যুৎ দত্ত, ডঃ কমল কৃষ্ণ দাস,ডঃ গুনজিত পাটোৱাৰী।
উক্ত সভাত তেওঁলোকে এক গুৰুত্বপূৰ্ণ ভাষণ দাঙি ধৰে,

যে বৰ্তমান সময়ত বা বৰ্তমান সমাজত ৰক্ত দান কৰাৰ ফলত কি কি অসুবিধাৰ সৃষ্টি হয়, ৰক্ত দানৰ সময়ত দেহ কেনেকুৱা থকা উচিত,বা ৰক্ত দাতা জনে মাদক দ্ৰব্য বা তেনেকুৱা ধৰণৰ ৰাগীয়াল বস্তু সেৱন কৰে নে নকৰে ,বয়স ইত্যাদি ভিন্ন দিশত এক গুৰুত্বপূৰ্ণ ভাষণ দাঙি ধৰে।
উক্ত দিনতে আলোড়ন হৈ বৰপেটাৰ লগতে অসমৰ ভিন্ন প্ৰান্তত ৰক্ত দান কৰা সকলো দাঁতা কে একোখনকৈ মানপত্ৰ আৰু একোডালকৈ গছপুলি অৰ্পণ কৰা হয়, লগতে আলোড়ন নতুন কমিটি গঠন কৰা হয় ।

উপদেষ্টা হিচাপে থাকে দেৱৰাজ দাস, মৃদুল তালুকদাৰ, প্রিয় ৰঞ্জন দাস, মৃদুস্মিত গোস্বামী, মুকুট ৰঞ্জন দাস, সভাপতি জয়কৃষ্ণ দাস, সম্পাদক কঞ্জল দাস, যুটীয়া উপসভাপতি ক্ৰমে তুলিকা বৰ্মন আৰু ৰাতুল দেৱ শৰ্মা, সহসম্পাদিকা দিম্পল দাস, শিক্ষা যুটীয়া সম্পাদক ক্ৰমে লিলি ওজা আৰু মানৱ জ্যোতি গোস্বামী, ৰক্তদানৰ সম্পাদক কঙ্কণ দাস, অভিনাশ দাস, সাংগঠনিক সম্পাদক কৃষ্ণাংঙ্গ সাউড, জেচমিন চুলতানা, প্ৰচাৰ সম্পাদক ৰাখল জ্যোতি দাস, শূলেখা দাস, কাৰ্যালয় সম্পাদক শুভম দেউৰী,  হিচাপ নিৰীক্ষক দ্বীপমানি ডেকা, নয়ন ওজা আৰু কাৰ্যবাহী সদস্য ক্ৰমে অভি দেউৰী,মেদিনী বায়ন,শফিক আহমেদ,ধৃতিস্মিতা,অনুস্মিতা উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close