শেহতীয়া
Home / অসম / বৰবাৰাদি দামোদৰদেৱ সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন

বৰবাৰাদি দামোদৰদেৱ সত্ৰত গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন

বৰবাৰাদিৰপৰা সৌৰভ জ্যোতি গোস্বামী, প্ৰথম খবৰ: দামোদৰদেৱৰ এখন শাখা সত্ৰ, বৰবাৰাদি সত্ৰ। প্ৰতিবছৰৰ দৰে এইবাৰো এই সত্ৰখনত উদযাপন কৰা হয় গুৰুজনাৰ তিৰোভাৱ তিথি। ব’হাগৰ প্ৰথম দিনটোত পালন কৰা হয় গন্ধোৎসৱ। সেইদিনা সত্ৰাধিকাৰ, ভকত-বৈষ্ণৱ সকলোৱে সত্ৰৰ নামঘৰত চাকি জ্বলায় আৰু নাম-প্ৰসংগৰ অন্তত সন্ধিয়া যথা ৰীতি অনুসৰি সকলোৱে সত্ৰাধিকাৰ কামদেৱ গোস্বামীৰ ঘৰত গন্ধোৎসৱৰ ভোজন গ্ৰহণ কৰে।

পিছদিনা, পালন কৰা হয় মূল পৰ্ব অৰ্থাৎ গুৰুজনাৰ তিৰোভাৱ তিথি। এই উপলক্ষে অনুষ্ঠিত হোৱা শ্ৰাদ্ধত পুৰোহিত মানৱ শৰ্মাৰ উপস্থিতিত যাৱতীয় সকলো কৰ্ম তথা পিণ্ডদানৰ কাৰ্য সম্পাদন কৰে সত্ৰাধিকাৰ মনোৰঞ্জন গোস্বামীয়ে। তেওঁক এই কাৰ্যত সহযোগ কৰে সত্ৰাধিকাৰ গুণীন্দ্ৰ গোস্বামী আৰু কামদেৱ গোস্বামীয়ে। তাৰপিছত, ভকত-বৈষ্ণৱৰ নাম প্ৰসংগৰ পিছত উক্ত অনুষ্ঠানৰ সামৰণি পৰে। আবেলি সকলোৱে সত্ৰাধিকাৰ কামদেৱ গোস্বামীৰ গৃহত উপস্থিত হৈ দৈ-চিৰা গ্ৰহণ কৰে।

উল্লেখ্য, এই সত্ৰখনত প্ৰতিবছৰে দামোদৰদেৱৰ তিৰোভাৱ তিথিৰ লগতে দৌলোৎসৱ বৰ উলহ-মালহেৰে পালন কৰা হয়। সত্ৰখনত বিগত বহু বছৰ ধৰি এই পৰম্পৰা চলি আহিছে। সত্ৰখন সদৰ বৰপেটাৰপৰা প্ৰায় কেই কিলোমিটাৰমান দূৰৰ বৰবাৰাদি গাওঁত অৱস্থিত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*