সভা-সমিতি

বৰভাগ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা

প্ৰথম খবৰ,বৰভাগঃ বৰভাগৰ প্ৰাণকেন্দ্ৰত অৱস্থিত বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ উদ্যোগত আজি পোন প্ৰথম বৰ্ষৰ বাবে অনুষ্ঠিত হৈ যায় “আহ কবিতা, বুকুত বজাহি বীণ” শীৰ্ষক সাহিত্যৰ অনুষ্ঠান। অনুষ্ঠানটো আঁত ধৰে আলোচনী বিভাগৰ তত্বাৱধায়ক চন্দন কলিতাই। সঞ্চালক আৰু পৰ্যালোচকৰ আসন শুৱনি কৰে ক্ৰমে বৰভাগ মহাবিদ্যালয়ৰে ৰাজনীতি বিভাগৰ অধ্যাপক ড° ধনোশ্বৰ বৈশ্য আৰু ইংৰাজী বিভাগৰ অধ্যাপক অজিৎ শৰ্মাই। উল্লেখ্য যে, বৰভাগ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ আলোচনী বিভাগৰ সম্পাদক তাজিমউদ্দিন আহমেদৰ সম্পাদনাত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হয় এই সাহিত্যৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভনিতে কবিতাৰ শিল্প শীৰ্ষক প্ৰতীকত বন্তি প্ৰজ্বলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ফনীধৰ ডেকাই। আদৰণি কথা আৰু কবিতা পাঠৰ পিছত ক্ৰমে কবি প্ৰণৱ কুমাৰ বৰ্মণ, কনক চন্দ্ৰ লহকৰ, মামনি ডেকা, জেচমিন বেগম, দ্বিপালীমা দত্ত, প্ৰণৱ খাৰজাৰা, দণ্ডিৰাম দাস, নৰেণ শৰ্মা, শংকৰ শৰ্মা, সঞ্জীৱ মহাজন, ৰমণী কুমাৰ শৰ্মা,মহানন্দ পাঠক, কুলেশ চন্দ্ৰ ডেকা, ললিত মেধি, পংকজ কলিতা, সীমান্ত কলিতা, অমল বৰুৱা আৰু মহাবিদ্যালয়ৰ ছাত্ৰই কবিতা পাঠ কৰে। অনুষ্ঠানত কবিতাৰ মাজে মাজে সংগীতৰ লহৰ তোলে বিভিন্নজনে ৷ আগন্তুক দিনত ইয়াতকৈ উৎকৃষ্ট মানৰ সাহিত্য ও কবিতাৰ অনুষ্ঠানেৰে মহাবিদ্যালয়ৰ বাকৰি জীপাল কৰাৰ প্ৰতিশ্ৰুতি দিয়ে আলোচনী বিভাগৰ সম্পাদকজনে ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close