অসমশীৰ্ষ

ভিডিঅ’ ৰেকডিং কৰাত বাধা দিওতে উদণ্ড যুৱকৰ হাতত অপদস্থ বেংক কৰ্মচাৰী

ডবকাৰপৰা আব্দুল কাদিৰ, প্ৰথম খবৰ: হোজাই জিলাৰ মোৰাঝাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ শাখা কাৰ্যালয়টোত কৰ্মৰত একাংশ বিষয়া কৰ্মচাৰীক এজন গ্ৰাহকে চৰমভাৱে অপদস্থ কৰা ঘটনাক কেন্দ্ৰ কৰি মোৰাঝাৰ অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

জিলাখনৰ অন্য প্ৰান্তৰ পৰা আহি মোৰাঝাৰত সেৱা আগবঢ়োৱা কৰ্মচাৰীক কৰা অপমাণৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে স্থানীয় ৰাইজ। অভিযোগ মতে, আজহাৰ উদ্দিন নামৰ এজন গ্ৰাহকে বেংকৰ শাখাটোত উপস্থিত হৈ নিজৰ চেভিংচ একাইণ্টৰ পৰা একলাখ টকা উঠাব বিচাৰে।

উল্লেখ্য যে, বৃহত্তৰ মোৰাঝাৰ অঞ্চলত একমাত্ৰ এছ বি আইৰ মোৰাঝাৰ শাখাৰ বাহিৰে অন্য কোনো বেংকৰ শাখা নাই। ফলত লক্ষাধিক লোকক সামৰি লোৱা ষ্টেট বেংকৰ মোৰাঝাৰ শাখাত পুৱাৰ পৰা গধুলীলৈ গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হয়। শাৰী পাতি গ্ৰাহকে নিজৰ কাম কাজ কৰে। কিন্তু আজহাৰ উদ্দিন নামৰ গ্ৰাহকজনে শাৰীত থিয় নহৈ বলপূৰ্বক বেংকৰ কেচ কাউণ্টাৰত গৈ নিজৰ ধন তোলি আনিব বিচাৰে। ফলত লাইনত থিয় হৈ থকা পুৰুষ মহিলা সকলৰ মাজত একপ্ৰকাৰ উত্বপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সেই সময়ত উগ্ৰ হৈ পৰা যুৱকজনে বেংকৰ দৰে এটা বৃত্তিয় প্ৰতিষ্টানৰ ভিতৰত বেংকটোৰ গোপনীয়তাক ভেঙুচালি কৰি পৰিচালকৰ অনুমতি নোলোৱাকৈ মোবাইল ফোনেৰে ভিডিঅ’ ৰেকডিং কৰা আৰম্ভ কৰে। যিটো ঘটনা বেংকৰ চি চি কেমেৰাক ৰেকডিং হৈ আছে। বেংকৰ ভিতৰত এনেদৰে ভিডিঅ’ ৰেকডিং কৰাটো এক গুৰুতৰ অপৰাধ আৰু বেংকৰ নিৰাপত্বাৰ ক্ষেত্ৰত ভাবুকীস্বৰূপ। এনে পৰিস্থিতিত বেংক কাৰ্যালয়টোৰ নিৰাপত্বাৰক্ষী কৃপা দাসে যুৱকজনক বুজাব বিচাৰে যদিও ওলোঠা নিৰাপত্বৰক্ষীজনক অপদস্থ কৰে আজহাৰ উদ্দিন নামৰ যুৱকজনে।

বেংকৰ কোনো নিয়ম নীতি নামানি এতিয়াই তেওঁক তেওঁৰ একাউণ্টৰ পৰা টকা আনি দিবলৈ একপ্ৰকাৰ হুলস্তুল সৃষ্টি কৰে যুৱকজনে। যুৱকজনক বুজাবলৈ চেষ্টা কৰি ওলোঠাই বেংকটোৰ নিৰাপত্বাৰক্ষী সহ অন্যান্য কৰ্মচাৰীসকল অপদস্থ হ’বলগীয়া হয়। এই ঘটনাক লৈ মোৰাঝাৰ অঞ্চলৰ সচেতন মহলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বেংকৰ শাখাটোত নিৰাপত্বৰক্ষী বৃদ্ধি কৰাৰ লগতে স্থানীয় আৰক্ষীকো ব্যৱস্থা ল’বলৈ স্থানীয় ৰাইজে ষ্টেট বেংকৰ কৰ্তৃপক্ষৰ লগতে স্থানীয় প্ৰশাসনৰ ওচৰত দাবী উত্থাপণ কৰিছে।

বিষয়টো ডবকা ৰাজহ চক্ৰ বিষয়া অনূসূয়া শৰ্মা কাশ্যপকো অৱগত কৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close