অসম

মহিলাসকলৰ বিয়া নাম, উৰুলিৰ ধ্বনিৰে মুখৰিত কুঁহিপাত গোষ্ঠীৰ বিহুতলী

প্ৰথম খৱৰ, জাজৰি: পোন প্ৰথম বাৰৰ বাবে নগাঁৱৰ নতুন ভোগবাৰীত পাতনি মেলা কুঁহিপাত গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু উপলক্ষে অায়োজিত হয় কিছু ব্যতিক্ৰমী অনুষ্ঠান।

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বহাগী উৎসৱ অনুষ্ঠিত হয় নতুন ভোগবাৰী সত্ৰৰ খেলপথাৰত। প্ৰথম দুদিন কণ-কণ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন ক্ৰিয়া প্ৰতিযোগীতা অনুষ্ঠিত হয়। ৭ ব’হাগত বিয়লি ৰণ্টু বৰাৰ তত্বাবধানত এখনি উদগনিমুলক মুকলি কুইজ প্ৰতিযোগীতা অনুষ্ঠিত হয়, লগতে কবিতা অাবৃতি প্ৰতিযোগীতাও অনুষ্ঠিত হয়।

সন্ধ্যা অঞ্চলৰ মহিলাসকলৰ মাজত বৰ্তমান অামাৰ মাজৰ পৰা হেৰাই যাব ধৰা বিয়া নাম প্ৰতিযোগীতা অনুষ্ঠিত হয় অাৰু মুকলি পথাৰত অঞ্চলৰ মহিলাসকলে জেং বিহু প্ৰদৰ্শন কৰে। নিশালৈ এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ অায়োজিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close