অসম

মাখিবাহাত আছুৰ বিহু উৎসৱৰ সামৰণি

টিহুৰপৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ: মাখিবাহা আঞ্চলিক ছাত্ৰ সন্থা আৰু মাখিবাহা উন্নতি সভাৰ উদ্যোগত ২ আৰু ৩ ব’হাগত দুদিনীয়াকৈ আয়োজিত ৰঙালী বিহুৰ কালি নিশা সামৰণি পৰে।

বিশিষ্ট শিল্পী জে পি দাসে ক্ষেত্ৰ উদ্বোধন কৰা মুকলি বিহুত অসমৰ ভালেকেইটা দলে হুঁচৰি পৰিবেশন কৰাৰ লগতে কেইবাটাও দলে জনগোষ্ঠীয় নৃত্য পৰিবেশন কৰে। অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰদীপ দাস, সাংগঠিনক সম্পাদক হিমান বৰ্মন, প্ৰাক্তন কাৰ্যনিৰ্বাহক সদস্য সমীৰণ বৈশ্য, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সাধাৰণ সম্পাদক অক্ষয় ডেকা, অসম উন্নতি সভাৰ কাৰ্যনিৰ্বাহ সদস্য সুকুমাৰ শৰ্মা, নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল ডেকা, বাঘমাৰাৰ নৰ্থ কামৰূপ কলেজৰ অধ্যক্ষ ড: সুৰজিত বৰ্মন, বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকৰ, নলবাৰী জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া প্ৰমুখ্যে কেইবাগৰাকী বিশিষ্ট লোকে অংশ লয়। অনুষ্ঠানত অঞ্চলটোৰ সমাজ জীৱনৰ বিভিন্ন ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা কেইবাগৰাকী সমাজকৰ্মী, অৱসৰপ্ৰাপ্ত শিক্ষক, আদৰ্শ কৃষক আদিক সম্বৰ্ধনা জনোৱা হয়। ৰঙালী বিহু উপলক্ষে অনুষ্ঠিত বিভিন্ন প্ৰতিযোগিতাৰ বটা সমূহো বিহুতলিত প্ৰদান কৰা হয়। ইফালে, পুৱাৰ ভাগত মাৰাথন দৌৰ, কুইজ আদি প্ৰতিযোগিতা সম্পন্ন হয়। ২ ব’হাগৰ পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণৰ পিছতে বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতা হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close