শেহতীয়া
Home / সভা-সমিতি / মাটিয়াত বিজেপিৰ প্ৰতিষ্ঠা দিৱস

মাটিয়াত বিজেপিৰ প্ৰতিষ্ঠা দিৱস

মাটিয়াৰপৰা কন্দৰ্প নাথ, প্ৰথম খবৰ: বিভিন্ন প্ৰান্তৰ দৰে মাটিয়াতো শুকুৰবাৰে বিজেপিৰ প্ৰতিষ্ঠা দিৱস পালন কৰে। বিজেপি মাটিয়া মণ্ডল সমিতিৰ উদ্যোগত মাটিয়াস্থিত অস্থায়ী কাৰ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে পালন কৰা প্ৰতিষ্ঠা দিৱসৰ কাৰ্য্যসূচী মতে, পুৱা ১০বজাত ভাৰত মাতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে বিজেপি মাটিয়া মণ্ডল সমিতিৰ মহিলা মৰ্চাৰ সভানেত্ৰী উষা দাসে। ১০.৩০ বজাত পতাকা উত্তোলন কৰে মণ্ডল সমিতিৰ সভাপতি ভৈৰৱ গোস্বামীয়ে।

ইয়াৰ পিছতে মহিলা মৰ্চাৰ জৰিয়তেই এক বিশেষ কাৰ্যসূচী ৰূপায়ন কৰে। ৪৬নং ৰাজ্যিক ঘাই পথৰ মাটিয়া-দুধনৈ পথৰ বাইক আৰোহীসকলক নিজকে সুৰক্ষিত কৰিবলৈ ‘হেলমেট’ পিন্ধিবলৈ অনুৰোধ জনায মহিলা মৰ্চাই।

Leave a Reply

Your email address will not be published. Required fields are marked *

*