অসম

মাৰ্ঘেৰিটাত জাতীয়তাবাদী যুৱ পৰিষদৰ বহাগ আদৰণি সংহতি সংকল্প অনুষ্ঠান সাংবাদিক শিক্ষাবিদক সম্বৰ্ধনা

 

প্ৰথম খবৰ, পেঙেৰীঃ অসম জাতীয়তাবাদী যুৱ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটা ইণ্ডিয়া ক্লাবত আজি বহাগ আদৰণি সংহতি সংকল্প আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়৷ দিনৰ ১১: ৩০ বজাত আৰম্ভ হোৱা অনুষ্ঠানৰ প্ৰথমে পতাকা উত্তোলন কৰে পৰিষদৰ তিনিচুকীয়া জিলা কাৰ্য্যকৰি সভাপতি লক্ষী বৰাই৷ ছহিদ তৰ্পন কৰে পৰিষদৰ মাৰ্ঘেৰিটা মহকুমা সমিতিৰ সাধাৰন সম্পাদক বিনোদ দাসে ৷ বৃক্ষৰোপন কৰে মাৰ্ঘেৰিতা মহকুমা সমিতিৰ সভাপতি খগেন মল্লিকে৷ ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত সভাপতিত্ব কৰে বিশিষ্ট কবি সাহিত্যিক অমৃত ৰাজখোৱাই৷ অসম জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম নেওগে আতধৰা সভাত সমাজ যুৱ পৰিষদৰ কেন্দ্ৰিয় সম্পাদক উদয়ন কুমাৰ গগৈ সমাজ সেৱক ৰঞ্জিত দত্ত, বিশিষ্ট লেখিকা দিব্যলতা দত্তক, সাংবাদিক সমাজসেৱক জগত চাংমাইকে ধৰি কেইবাগৰাকীও বিশিষ্ট সমাজ সেৱক শিল্পী, সাংবাদিক উপস্থিত থাকে৷ উক্ত সভাতেই সমাজ জীৱনলৈ অনবদ্য অবদান আগবঢ়োৱা কেইবাগৰাকীও ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়৷ ডিগবৈৰ নিউজ লাইভ আৰু নিয়মীয়া বাৰ্তা কাকতৰ সাংবাদিক হীৰা ফুকনে সমাজ আৰু সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱা অবদানৰ বাবে বিশেষ ভাবে সম্বৰ্ধিত হয়৷ এখনি ফোলাম গামোচা আৰু সম্বৰ্ধনা পত্ৰৰে তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰে ৷ গীত মাত বিহু নৃত্য আদিৰে অনুষ্ঠানটি জীপাল কৰি তুলে স্থানীয় শিল্পী আৰু কলা কুশলীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close