শেহতীয়া
Home / অসম / মুকালমুৱাৰ কাপলাবড়ীত ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি

মুকালমুৱাৰ কাপলাবড়ীত ব্যৱসায়ীক প্ৰতিষ্ঠানত চুৰি

মুকালমুৱাৰপৰা জয়ন্ত ডেকা, প্ৰথম খবৰ: চোৰৰ ৰম্যভুমিত পৰিণত হৈছে মুকালমুৱা৷ মুকালমুৱাৰ ভিন্ন প্ৰান্তত নিতৌ সংঘটিত হৈছে চুৰি কাৰ্য৷

কি বেংক প্ৰতিষ্ঠান, কি ব্যৱসায়ীক প্ৰতিষ্ঠান সকলোতে চোৰৰ চাফাই অভিযান। মুকালমুৱাৰ দৌলাশাল আৰক্ষী চকীৰ অন্তৰ্গত কাপলাবড়ীৰ এম.এছ ইলেকট্ৰনিকত নিশা চোৰৰ চলিল চাফাই অভিযান৷ চোৰে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ পৰা লুটি লৈ সকলো। টি.ভি, মোৱাইল ফোনকে ধৰি ইলেকট্ৰনিক দোকানখনৰ পৰা প্ৰায় ৬ লক্ষাধিক টকাৰ সামগ্ৰী লৈ উধাও হয় চোৰৰ দলটি৷ ইপিনে ৰাতিপুৱা এম.এছ ইলেকট্ৰনিক দোকানখনৰ স্বত্তাধিকাৰী চফিকুল হক মল্লাই দৌলাশাল আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে, মুকালমুৱা আৰু দৌলাশাল আৰক্ষীৰ দূৰ্বল ভূমিকাৰ নিতৌ এনেবোৰ কাৰ্য সংঘটিত হোৱা বুলি প্ৰশ্ন উত্থাপিত হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*