অসমশীৰ্ষ

মেৰাপানীত পোহৰলৈ আহিছে অটল অমৃত অভিযানৰ নামত দৰিদ্ৰ লোকক ভূৱা কাৰ্ড প্ৰদানৰ এক আজৱ ঘটনা

 

প্ৰথম খবৰ,মেৰাপানী:

স্বাস্থ্য বিভাগৰ অটল অমৃত অভিযানৰ কাৰ্ডৰ বিসংগতিয়ে এতিয়া জ্বলাকলা খুৱাইছে একাংশ দৰিদ্ৰ হিতাধিকাৰীক । ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু কাৰ্ড নিৰ্মানকাৰী সংস্থাৰ দ্বায়িত্বজ্ঞানহীনতাৰ বাবেই অসমত একপ্ৰকাৰ প্ৰসশনত পৰিণত হোৱাৰ পথত অগ্ৰসৰ হৈছে গুৰুত্বপূৰ্ণ আঁচনিখন । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ আঁচনিখনৰ জৰিয়তে দেশৰ দৰিদ্ৰ জনগণৰ বাবে ছটাকৈ জটিল ৰোগৰ চিকিৎসাৰ বাবদ দুই লাখ টকা পৰ্যন্ত নগদ লেনদেনবিহীন বিনামুলীয়া সুবিধাৰ ব্যৱস্থা কৰা হৈছিল । কিন্তু স্বাস্থ্য বিভাগৰ অনোমোদিত অটল অমৃত কাৰ্ড থকাৰ পাছতো কাৰ্ডৰ বিসংগতিৰ বাবেই এতিয়া বিনামূলীয়া চিকিৎসাসেৱাৰ পৰা বঞ্চিত হ’ব লগাত পৰিছে জটিল ৰোগত আক্ৰান্ত ৰোগীসকলে । শেহতীয়াকৈ গোলাঘাট জিলাৰ মেৰাপানীত পোহৰলৈ আহিছে অটল অমৃত অভিযানৰ নামত দৰিদ্ৰ লোকক ভূৱা কাৰ্ড প্ৰদানৰ এক আজৱ ঘটনা । মেৰাপানীৰ সোণালী পথাৰ গাঁৱৰ মাতু ডেকা নামৰ এগৰাকী কৰ্কট ৰোগীয়ে গুৱাহাটীত চিকিৎসা কৰিবলৈ যোৱাৰ পাছতহে পোহৰলৈ আহে ভূৱা কাৰ্ডৰ ৰহস্য । প্ৰকৃত কাৰ্ডত সংলগ্ন চৈধ্যতা অংকৰ পৰিবৰ্তে মাতু ডেকাই লাভ কৰা কাৰ্ডখনত প্ৰতক্ষ্য কৰা হয় একাংশ ইংৰাজী বৰ্ণ । চিকিৎসালয় কৰ্তৃপক্ষই লগে লগে কাৰ্ডখন নাকচ কৰাত বিনামূলীয়া চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাত হাঁহাকাৰ লাগে ৰোগীৰ পৰিয়ালৰ মাজত । সম্প্ৰতি দৰিদ্ৰ পৰিয়ালটোৱে মাটি ভেটি বিক্ৰী কৰি মহিলা গৰাকীৰ ব্যয়বহুল চিকিৎসাৰ ব্যৱস্থা কৰাৰ যো-জা চলাইছে । ইফালে মাতু ডেকাৰ দৰে অনুৰূপ বিসংগতি ধৰা পৰিছে সোণালী পথাৰ গাঁৱৰ হিতাধিকাৰী সকলৰ প্ৰতিখন অটল অমৃত কাৰ্ডত । তাকে লৈ এতিয়া ব্যাপক চিন্তাৰ সন্মুখীন হ’ব লগাত পৰিছে গাঁওবাসী ।

Related Articles

Leave a Reply

Close