সভা-সমিতি

মৈৰাবাৰীত নাৰীজনিত অপৰাধ ৰোধ কৰাৰ সন্ধৰ্ভত সজাগতা সভা

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: অসমত দৈনিক সংঘটিত হৈ অহা নাৰীজনিত বিভিন্ন ধৰণৰ অপৰাধমূলক ঘটনাসমূহ ৰোধ কৰিবলৈ আজি মৈৰাবাৰী মাধ্যমিক বিদ্যালয়ত এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়। মৈৰাবাৰী আৰক্ষী থানাৰ উদ্যোগত আয়োজিত সজাগতা সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি আলহাজ ইব্ৰাহীম আলীয়ে।থানাখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভূপেন কলিতাই উদ্দেশ্য ব্যাখা কৰা সভাখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকে উপ আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) মৃন্ময় গোস্বামী।

সজাগতা সভাখনত আন এগৰাকী উপ-আৰক্ষী অধীক্ষক প্ৰতাপ দাস (প্ৰবেচনাৰী), বিদ্যালয়খনৰ সহকাৰী শিক্ষকদ্বয় কমৰুল ইছলাম, ৰহমত আলী আৰু অৱসৰপ্ৰাপ্ত শিক্ষক তথা বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি আলহাজ নুৰুল ইছলাম মুক্তাৰেও ভাষণ প্ৰসংগত কেনেদৰে সমাজত প্ৰচলিত নাৰীজনিত অপৰাধসমূহ ৰোধ কৰিব পৰা যায় তাৰ বিতং ব্যাখ্যা আগবঢ়ায়। সজগতা সভাখনত বিদ্যালয়খনৰ স্কাঊট এণ্ড গাইডৰ ছাত্ৰ-ছাত্ৰীয়ে উপ-আৰক্ষী অধীক্ষকগৰাকীক অভিবাদনো জ্ঞাপন কৰে। উক্ত সভাখনত প্ৰায় ১০০০ ছাত্ৰ-ছাত্ৰী উপস্থিত আছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close