শেহতীয়া
Home / অসম / মৈৰাবাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠান ব্ৰাদাৰ্ছৰ উদ্দোগত সজাগতা সভা

মৈৰাবাৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠান ব্ৰাদাৰ্ছৰ উদ্দোগত সজাগতা সভা

মৈৰাবাৰীৰপৰা তাৰিকুল ইছলাম, প্ৰথম খবৰ: ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠান”ব্ৰাদাৰ্ছ”ৰ উদ্দ্যোগত আৰু মৰিগাও জিলা আৰক্ষীৰ সহযোগত আজি দিনৰ ২ বজাত জিলাখনৰ নৈ কাষৰীয়া অঞ্চল মৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নাৰীৰ অপৰাধজনিত ঘটনা সমূহ ৰোধ কৰিবলৈ এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায়।সামাজিক অনুষ্ঠানটোৱে “জনজাগৰণ অভিযান” নামেৰে নামাকৰণ কৰা সজাগতা সভাখনত সভাপতিত্ব কৰে মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপক আ:মন্নানে।

ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক অনুষ্ঠানটোৰ প্ৰধান সচিব দিব্যজ্যোতি শইকীয়াই মুখ্য অতিথি হিচাপে উপস্থিত থাকি  সম্প্ৰতি সমাজত বৃদ্ধি পাই অহা অন্ধ বিশ্বাস, ডাইনী হত্যা, বাল্যবিবাহ, সাম্প্ৰদায়িকতা আৰু নাৰীজনিত অপৰাধসমূহ কেনেদৰে ৰোধ কৰিব পাৰি সেই বিষয়ে বিতং বক্তব্য আগবঢ়ায়।

মৰিগাঁও জিলাৰ আৰক্ষী আধীক্ষক স্বপ্নানীল ডেকা, অতিৰিক্ত আৰক্ষী অধীক্ষক অপৰ্না নটৰাজন আৰু উপ-আৰক্ষী অধীক্ষক মৃন্ময় গোস্বামীকে আদি কৰি কেইবাজনো বক্তাই সজাগতা সভাখনৰ বিষয়বস্তুৰ ওপৰত ভাষণআগবঢ়ায়।

মৈৰাবাৰী থানা পৰিচালনা সমিতিৰ সভাপতি নুৰুল ইছলাম মুক্তাৰ, সহকাৰী অধ্যাপক দলিল আহমেদ, মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়া, মহিলা সমিতি আৰু অসম আৰক্ষীৰ ভাতৃ সংগঠন গাওৰক্ষী বাহিনীৰ অৰ্ধ- শতাধিক কৰ্মকৰ্তাৰ লগতে প্ৰায় তিনি শতাধিক ছাত্ৰ-ছাত্ৰী অাজিৰ।এই সজাগতা সভাটোত উপস্থিত আছিল।

সজাগতা সভাৰ অন্তত ব্ৰাদাৰ্ছ নামৰ সামাজিক অনুষ্ঠানটোৰ এটা সজাতি দলে মৈৰাবাৰী বজাৰ তিনিআলিত নাৰীজনিত অপৰাধসমূহ ৰোধ কৰিবলৈ এখনি বাটৰ নাটকো উপস্থাপন কৰে। ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠান “ব্ৰাদাৰ্ছ” আৰু মৰিগাঁও আৰক্ষীৰ এনে কাৰ্যক অঞ্চলটোৰ দল সংগঠনে প্ৰশংসা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*