শেহতীয়া
Home / অসম / ম্যাদ উকলা চেলাইন আৰু বেজী প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত ৰঙিয়া

ম্যাদ উকলা চেলাইন আৰু বেজী প্ৰদানক কেন্দ্ৰ কৰি উত্তপ্ত ৰঙিয়া

প্ৰথম খবৰ, ৰঙিয়া: ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ উন্নতিৰ বাবে যিমানেই চেষ্টা নকৰক কিয় ৰঙিয়াৰ এখন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই ৰাজ্যৰ স্বাস্থ্য সেৱাৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে।

এই স্বাস্থ্য কেন্দ্ৰটো হ’ল ৰঙিয়াৰ সমীপৰ নিজ কাউৰবাহা সামূহিক স্বাস্থ্যকেন্দ্ৰ। এই স্বাস্থ্যকেন্দ্ৰত ৰোগীক ম্যাদ উকলা চেলাইন আৰু বেজী বিতৰণ কৰাক কেন্দ্ৰ কৰি আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

ভুক্তভোগী ৰোগী সকলৰ অভিযোগ অনুসৰি জ্বৰত আক্ৰান্ত একাংশ ৰোগীৰ মাজত চিকিৎসালয় কৰ্তৃপক্ষই যোৱা এমাহ ধৰি ম্যাদ উকলা চেলাইন আৰু এন্টিবায়টিক বেজী প্ৰদান কৰি আহিছে। যাৰ ফলত একাংশ ৰোগীৰ অৱস্থাৰ অৱনতি ঘটিছে।

আজি হে ঘটনাটো পোহৰলৈ অহাত এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় চৌহদত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাৰ খবৰ পাই আজি সাংবাদিকৰ দল এটাই বিষয়টো সন্দৰ্ভত চৰজমিন অনুসন্ধানৰ বাবে চিকিৎসালয় খনত উপস্থিত হয়। চিকিৎসালয়খনত উপস্থিত হৈয়ে সাংবাদিক সকলে আন এক ভয়াবহ দিশ পোহৰলৈ আনে ৷ সাংবাদিক সকলে চৰকাৰী চিকিৎসালয়খনত উপস্থিত হৈ ফাৰ্মাচিষ্টৰ পৰিৱৰ্তে এজন নৈশ চকীদাৰে ৰোগীৰ মাজত দৰৱ বিতৰণ কৰি থকা প্ৰত্যক্ষ কৰে৷ এই সন্দৰ্ভত চকীদাৰজনক প্ৰশ্ন কৰাত চকীদাৰজনে ফাৰ্মাচিষ্ট আনোৱাৰ হুছেইন অনুপস্থিত থকা বাবে ৰোগীসকলৰ স্বাৰ্থত প্ৰেছক্ৰিপছন অনুযায়ী দৰৱসমূহ বিতৰণ কৰি থকা বুলি জানিবলৈ দিয়ে৷ এই সন্দৰ্ভত চকীদাৰ জনক উপৰ্যুপৰি প্ৰশ্ন কৰাত পৰিস্থিতিৰ গভীৰতা বুজি চকীদাৰজনে চিকিৎসালয়ৰ পৰা পলাই পত্ৰং দিয়ে।

সাংবাদিকৰ উপস্থিতিতেই চকীদাৰজনে একাংশ ৰোগীক যোৱা ডিছেম্বৰ মাহতে ম্যাদ উকলা চেলাইন আৰু যোৱা ফেব্ৰুৱাৰী মাহত ম্যাদ উকলা বেজী বিতৰণ কৰা পৰিলক্ষিত হয়৷ বিষয়টো সন্দৰ্ভত উত্তৰ দিবলৈ চিকিৎসালয়খনত ভাৰপ্ৰাপ্ত চিকিৎসা বিষয়া গৰাকী আজি উপস্থিত নথকাত সাংবাদিকৰ দলটো সমস্যাৰ সন্মুখীন হয়। উপায়হীন হৈ সাংবাদিকৰ দলটোৱে চিকিৎসালয়খনত কৰ্মৰত এগৰাকী চিকিৎসক আৰু নাৰ্ছ সমগ্ৰ বিষয়টো সোধাত তেওঁলোকে জনায় যে, ফাৰ্মচিষ্টজন প্ৰায়েই চিকিৎসালয়খনত উপস্থিত নথকাত চকীদাৰ এজনে তেওঁৰ দায়িত্ব পালন কৰিবলগীয়া হৈছে৷ তেওঁলোকৰ মতে চকীদাৰজনে হেনো দৰৱৰ বিষয়ে বহুত জানে। সেয়ে চিন্তা কৰিবলগীয়া বিশেষ নাই। অৱশ্যে চিকিৎসকজনে ৰোগীক ম্যাদ উকলা ঔষধ দিয়া কথাটো অস্বীকাৰ কৰে। পিছে সমগ্ৰ বিষয়টোৱে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত গভীৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ৰাইজৰ অভিযোগ চিকিৎসালয়খনত সম্প্ৰতি তীব্ৰ অৰাজকতা চলি আছে৷ যাৰ ফল ভোগ কৰিবলগীয়াত পৰিছে দৰিদ্ৰ ৰোগীসকলে। তেওঁলোকে এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ কামনা কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*