অসম

মৰনৈ-চাপৰি এল পি, স্কুলৰ সোণালী জয়ন্তী উখল- মাখল পৰিবেশ

 

ঢকুৱাখনাৰপৰা পাপু বৰুৱা , প্ৰথম খবৰ :
কালিৰে পৰা আৰম্ভ হৈছে মৰনৈ চাপৰি প্ৰাথমিক বিদ্যালয়ৰ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী মহোৎসৱ। তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা উৎসৱৰ আজি পুৱাৰ ভাগত চাফাই অভিযানৰ পিছতে পতাকা উত্তোলন অনুষ্ঠানত কমলপুৰ মজলীয়া বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিকুঞ্জমোহন ভড়ালীৰ লগতে ৫০ জন বিশিষ্ট ব্যক্তিয়ে ৫০ খন পতাকা উত্তোলন কৰে । শ্বহীদ তৰ্পন কৰে প্ৰধান শিক্ষক ত্ৰিলোচন গগৈয়ে। মুখ্য দ্বাৰ উন্মোচন কৰে শিক্ষাবিদ ৰবীনচন্দ্ৰ খনিকৰে ।প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকলৰ সম্বৰ্ধনা ও প্ৰাক্তন ছাত্র ছাত্ৰীসকলৰ সভা আৰম্ভ কৰা আগে আগে মৰনৈ চাপৰি গাঁৱৰ মহিলা সকলে টকা বিহুৰ দ্বাৰা মঞ্চ উদ্ধোধন কৰে। উদ্ধোধকৰ আসন গ্ৰহণ কৰে পাঃমঃচাঃমঃইঃবিঃপ্ৰঃশিঃ আনন্দ ভৰালী আৰু সভাপতি আসন শুৱনি কৰে পাঃমঃচাঃমঃইঃবিঃ সঃশিঃ জ্যোতি পেগু ছাৰে।প্ৰাক্তন শিক্ষক সকল আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ স্মৃতিৰ ৰোমন্থন আৰু সাৰুৱা মন্তব্যই সকলোকে আপ্লুত কৰে । সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানত বিভিন্ন শিল্পীয়ে সাংস্কৃতিক অনুষ্ঠানটো জীপাল কৰি আনন্দ মুখৰ কৰি তোলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close