অসমগুৱাহাটীশীৰ্ষ

যশস্বী পৰিচালক-নাট্যকাৰ মুনীন বৰুৱাৰ দেহাৱসানত শোকস্তব্ধ অসমৰ সাংস্কৃতিক জগত

নিউজ ডেস্ক, প্ৰথম খবৰঃ অসমীয়া চলচ্চিত্ৰ জগতখনৰ এটি উজ্জ্বল নক্ষত্ৰ সৰি পৰাত আজি যেন ম্ৰিয়মান হৈ পৰিল অসমৰ সাংস্কৃতিক জগতখন৷ ১৯৪৬ চনত গোলাঘাটত জন্ম গ্ৰহণ কৰা “ভাইমন দা” ৰূপে খ্যাত প্ৰয়াত মুনীন বৰুৱাদেৱে নিজৰ পৰিচালনাৰে অসমৰ সাংস্কৃতিক জগতখনক চহকী কৰিবলৈ সক্ষম হোৱা কথাছবি আৰু চিত্ৰনাট্যসমূহৰ ভিতৰত প্ৰভাতী পখীৰ গান(১৯৯২), হিয়া দিয়া নিয়া(২০০০), বাৰুদ, দাগ, নায়ক, বিধাতা, কন্যাদান, দীনবন্ধু, ৰং, ৰামধেনু, বোৱাৰী, ঘৰ-সংসাৰ, সোণমইনা আদি আছিল উল্লেখযোগ্য৷

উল্লেখ্য যে, মৃত্যুৰ পূৰ্বে শেষ যাত্ৰাত জুবিন গাৰ্গ আৰু যতীন বৰাৰ উপস্থিতি আশা কৰা ৭০ বছৰ বয়সত মৃত্যুক আকোৱালী লোৱা যশস্বী পৰিচালক প্ৰয়াত মুনীন বৰুৱাৰ ইচ্ছা পূৰণ কৰিবলৈ এখেতৰ ঘৰলৈ ইতিমধ্যে উপস্থিত হৈছে অভীনেতা যতীন বৰা৷ অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ, আইমী বৰুৱা, বৰষাৰাণী আৰু কণ্ঠশিল্পী জুবলীৰ লগতে বাসগৃহত উপস্থিত হৈছে অসমীয়া সাংস্কৃতিক জগতৰ বহু বিষয়ববীয়া৷

আজি বিয়লি ৩ বজাত নৱগ্ৰহ স্মশানত ৰাজ্যিক মৰ্যদাৰে সম্পন্ন হ’বলগীয়া প্ৰয়াত বৰুৱাদেৱৰ শেষকৃত্য অনুষ্ঠানত অংশগ্ৰহণৰ বাবে বাসগৃহত অজশ্ৰ গুণমুগ্ধই ভিৰ কৰাৰ লগতে শ্বুটিং আধাতে সামৰি মাজুলিৰ পৰা জুবীন গাৰ্গেও ৰাওনা হৈছে গুৱাহাটী অভিমুখে৷

Related Articles

Leave a Reply

Close