শেহতীয়া
Home / অসম / লংকা ৰাজহ চক্ৰৰ টাউন মণ্ডলক উৎকোচ লৈ থকা অৱস্থাত হাটে লুটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ

লংকা ৰাজহ চক্ৰৰ টাউন মণ্ডলক উৎকোচ লৈ থকা অৱস্থাত হাটে লুটে গ্ৰেপ্তাৰ দুৰ্নীতি নিবাৰক শাখাৰ

 

লংকাৰ পৰা  হিৰোৎপল শইকীয়া, প্ৰথম খবৰ:
ৰাজ্য চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰাৰ সময়তে আজি আবেলি লংকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজন টাউন মণ্ডলক দুৰ্নীতি নিবাৰক শাখাই অভিযান চলায় উৎকোচ লৈ থকা অৱস্থাত হাতে লুটে ধৰা পেলাই আটক কৰিবলৈ সক্ষম হয় |

আটকাধীন টাউন মণ্ডল জন সমীৰ চন্দ্ৰ দাস বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি,আটকাধীন টাউন মণ্ডল জনে গোবিন্দ মজুমদাৰ নামৰ এজন লোকৰ পৰা ভূমি সংক্ৰান্তীয় কামৰ বাবদত ১২,০০০ টকাৰ উৎকোচ দাবী কৰি আহিছিল |অৱশেষত মাটিৰ গৰাকী জনে উপায়ন্তৰ হৈ কাষ চাপে দুৰ্নীতি নিবাৰক শাখাৰ | আৰু সেই মৰ্মে শনিবাৰে টাউন মণ্ডল সমীৰ চন্দ্ৰ দাসক মাটিৰ গৰাকীজনে ৬,৫০০ টকা আদায় কৰে |সেই মুহুৰ্ততে আগৰ পৰা খাপপিটি থকা ৬ জনীয়া দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে হাটে লুটে টাউন মণ্ডল সমীৰ চন্দ্ৰ দাসক আটক কৰিবলৈ সক্ষম হয় |ইতিমধ্যে,ঘটনাৰ সন্দৰ্ভত অধিক তথ্য আহৰণৰ বাবে দুৰ্নীতি নিবাৰক শাখাই জেৰা অব্যাহত ৰখা বুলি জানিব পৰা গৈছে |

Leave a Reply

Your email address will not be published. Required fields are marked *

*