অসম

লাকুৱাত ৫জন চোৰাংচিকাৰী সহ মূল্যবান কাঠ জব্দ

প্ৰথম খবৰ, চৰাইদেউ: চৰাইদেউ জিলাৰ লাকুৱা চলা বনাঞ্চলৰ পৰা মূল্যবান তিতা চপা কাঠ সহ ৫ জন চোৰাংচিকাৰী আটক হয়৷ এখন স্কুটি সহ দুখন বাইক জব্দ কৰে বনৰক্ষীয়ে।‌

দীৰ্ঘ দিনৰ পৰা চৰাইদেউৰ চলা সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠ ব্যৱসায়ী মূল্যবান গছ কাটি বনাঞ্চলখন তহিলং কৰি আহিছিল। বৃহস্পতিবাৰে পুৱা কাঠ সমূহ ভৰ্তি কৰি থকা অৱস্থাতে ৫ জন লোক সহ মূল্যবান তিতা চপা ভৰ্তি এএছ ০৪ এচি ৩২৭৫ নম্বৰৰ এখন টাটা ডি আই আৰু এএছ ০১ ৱাই ৮৮০২ নম্বৰৰ এখন ফ্ৰিডম, এএছ ০৬ ই ৯৮০৪ নম্বৰৰ ডিচকভাৰ বাইক এখন জব্দ কৰে। নাফুকৰ বন বিভাগে কুখ্যাত কাঠ চুৰ কেইটাক আটক কৰি বৰ্তমান জেৰা অব‍্যাহত ৰাখিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close