শেহতীয়া
Home / অসম / লেখাপানীৰ টিপঙত ছাত্ৰক যৌন নিৰ্যাতন

লেখাপানীৰ টিপঙত ছাত্ৰক যৌন নিৰ্যাতন

 

প্ৰথম খবৰ, জাগুন :

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত টিপঙত সংঘটিত হল লজ্জাজনক ঘটনা |

এইবাৰ কিশোৰীৰ বিপৰীতে দ্বিতীয় মান শ্ৰেণীত পঢ়ি থকা এটি ৬ বছৰীয়া কিশোৰক চলালে যৌন নিৰ্যাতন |

উল্লেখ্ যে, একে স্থানৰে বাসিন্দা শ্বেখৰ আলী নামৰ ধৃত লোকজনে দেওবাৰে দিনৰ প্ৰায় ৪ বজাত খেল ধেমালী কৰি থকা সময়ত কিশোৰটোক ফুচুলাই আনি এডোখৰ নিজান ঠাইত কুকৰ্ম কৰে | পাছত ঘটনাস্থলীৰ পৰা কিশোৰটোয়ে কান্দি কান্দি দেউতাকক অৱগত কৰাত শ্বেখৰ আলীক লেখাপানী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় | ইপিনে,লেখাপানী আৰক্ষীয়ে আজি ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩৭৭ IPC আৰু ৪৩/২০১৮ গোচৰ পঞ্জীভূত কৰি জেল হাজোতলৈ পথাবলৈ যো-জা চলাইছে | ৰাজ্যখনত এটাৰ পাছত আনটো ধৰ্ষণৰ দৰে সামাজিক ব্যাধি কাৰ্যকলাপ দিনক দিনে বৃদ্ধি পোৱাত কেন্দ্ৰৰ মোডী চৰকাৰে POSCO আইন সংশোধনৰ দ্বাৰা ১২ বছৰ বা ১২ বছৰৰ তলৰ
ছোৱালীক ধৰ্ষণ কৰিলে ধৰ্ষণকাৰীক ফাঁচী দিয়া হ’ব বুলি যোৱা শণিবাৰে কেবিনেটত সিদ্ধান্ত লোৱা হয় | এই ক্ষেত্ৰত ছোৱালীৰ বিপৰীতে ৬ বছৰীয়া ল’ৰাক নিৰ্যাতন চলোৱাত শ্বেখৰ আলীক বিজেপি চৰকাৰ খনৰ লগতে আৰক্ষী প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হৈ ৰ’ব |

Leave a Reply

Your email address will not be published. Required fields are marked *

*